হজমৰ সমস্যা থাকিলে চুলিৰ কি হ’ব পাৰে?

0
1087

চুলি সৰা আৰম্ভ হোৱাটো ব্যক্তি এজনৰ কাৰণে এটা বিৰক্তিকৰ সমস্যাৰূপে দেখা দিয়ে৷ আকৌ যদি নিয়মিতৰূপে চুলি সৰি থাকে চুলি পাতল হৈ পৰে আৰু টাক পৰিবলৈ আৰম্ভ কৰে৷ চুলি সৰাটো পানী আৰু জীৱন-যাত্ৰাৰ সৈতে সম্পৰ্কত এটা প্ৰক্ৰিয়া৷ আপোনাৰ যদি ভাল ডায়েট হয়, তেনেহ’লে পেট ঠিকে থাকে আৰু পেট ঠিকে থাকিলে চুলি ভালে থাকে৷ পেট ভাল-বেয়াৰ ওপৰতে চুলিৰ স্বাস্থ্যত প্ৰভাৱ পৰে৷ বিশেষজ্ঞৰ মতে স্বাস্থ্যকৰ অন্ত্ৰই সমস্ত শাৰীৰিক প্ৰক্ৰিয়াবোৰক প্ৰভাৱিত কৰে৷এই প্ৰক্ৰিয়াই আপোনাৰ মস্তিষ্কৰ পৰা চুলি পৰ্যন্ত সমস্ত অংগতে প্ৰভাৱ পেলায়৷ পেটৰ স্বাস্থ্য আমাৰ অন্ত্ৰৰ সৈতে সম্পৰ্কিত৷ 

বিশেষজ্ঞৰ মতে, হাজাৰ হাজাৰ প্ৰজাতিৰ বেক্টেৰিয়াই আমাৰ পেটত বাস কৰে৷ যিয়ে আমাৰ হজম প্ৰক্ৰিয়াত সহায় কৰে৷ ইয়াৰ উপৰি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মস্তিষ্কৰ স্বাস্থ্যও নিয়ন্ত্ৰণ কৰে৷ আচলতে ভাল বেক্টেৰিয়াই আমাক খাদ্যৰ জৰিয়তে মাইক্ৰ’নিফট্ৰিয়েণ্ট প্ৰস্তুত কৰে আৰু ইয়ে মাইক্ৰ’বিয়াল এনজাইম বঢ়ায়৷ খাদ্যৰ পৰা পোৱা ভিটামিন-কে, ভিটামিন-বি, ভিটামিন-১২, ফলিক এচিড আদিয়ে চুলিৰ স্বাস্থ্যৰ বৃদ্ধিত সহায় কৰে৷ সেয়ে আপোনাৰ শৰীৰত যদি ভাল বেক্টেৰিয়া নাথাকে, তেন্তে চুলি দুৰ্বল হয় আৰু চুলি সৰাকে ধৰি চুলিৰ আনুষংগিক বিকাৰবোৰে দেখা দিয়ে৷ অন্ত্ৰই মাইক্ৰ’বায়োটা, এষ্ট্ৰোজেন, থাইৰয়েড হৰমন বা মেলাটোনিন আদি দেহৰ প্ৰতিটো হৰমন নিয়ন্ত্ৰণ কৰে৷ আনহাতে অন্ত্ৰই উদ্ভিদৰ পৰা পোৱা হৰমনবোৰো নিয়ন্ত্ৰণ কৰে, যিয়ে চুলিৰ ক্ষতি বা চুলিৰ বৃদ্ধিত কুপ্ৰভাৱ পেলায়৷ পেট সু্‌স্থ আৰু চুলি ভালে ৰখাৰ বাবে আমি খাদ্যত ভিটামিন সমৃদ্ধ অথবা মাইক্ৰ’নিউট্ৰিয়েণ্ট সমৃদ্ধ খাদ্য খোৱাটো উচিত৷ নেমু, বাদাম, সেউজীয়া শাক-পাচলি, মাছ, মাংস, কণী আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে৷ এই খাদ্যবোৰে পেটৰ লগতে চুলি উভয়কে স্বাস্থ্যকৰ কৰি ৰাখে৷ ইয়াৰ উপৰি উচ্ছ ফাইবাৰযুক্ত খাদ্য, প্ৰ’বায়’টিক সমৃদ্ধ চৰ্বি, কিচমিচ, ফল আদি খোৱা দৰকাৰ; যিয়ে চুলি সৰাত বাধা দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here