স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ এইবোৰ খাওক

0
1452


আপুনি কেতিয়াবা ভাবি চাইছেনে যে মগজুৰ শক্তি ধৰি ৰাখিবলৈ কেনেধৰণৰ খাদ্য খোৱা উচিত? আমি সকলোৱে জানো যে মগজু হৈছে মানৱ শৰীৰৰ প্ৰধান অংগ৷ মগজুৰ স্বাস্থ্য ভালে থাকিলেহে যিকোনো কাম নিয়াৰিকৈ কৰিব পৰা যায়৷ মগজুৰ স্বাস্থ্য ভালে নাথাকিলে আপোনাৰ শৰীৰৰ সকলো অংগৰ কাৰ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ গতিকে আমাৰ দৈনিক খাদ্যাভ্যাসত এনে কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে৷ যাৰ দ্বাৰা মগজুৰ স্বাস্থ্য ভালে ৰখাৰ লগতে স্মৃতিশক্তি বৃদ্ধি, কামত অধিক মনোযোগ দিব পৰা ক্ষমতা বৃদ্ধি পায়৷

(১) বেৰিজ– Neural Regeneration Research নামৰ জাৰ্নেলত প্ৰকাশিত এক তথ্য মতে, দৈনিক বেৰিজৰ সেৱনে মগজুৰ কোষৰ বিকাশত সহায় কৰে লগতে স্মৃতিশক্তি আৰু শিকণ প্ৰক্ৰিয়াটো অৰিহণা যোগায়৷ বেৰিজে অক্সিডেটিভ স্ত্ৰেচ কম কৰে, যিয়ে মগজুৰ কাৰ্যক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়৷


(২) বাদাম– ইয়াত প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু ওমেগা-৩ ফেটি এচিড পোৱা যায়, যি মগজুৰ উন্নত কাৰ্যক্ষমতাৰ কাৰণে প্ৰয়োজনীয়৷ বাদামত ভিটামিন-ই থাকে, যিয়ে অক্সিডেটিভ স্ত্ৰেচক বাধা দিয়ে৷


(৩) এবোকাডো– ইয়াত প্ৰচুৰ পৰিমাণে Healthy unsaturated fat পোৱা যায়৷ দৈনিক এবোকাডো সেৱনে Cognitive Declineৰ সম্ভাৱনা কমাব পাৰে আৰু মগজুলৈ তেজ সৰবৰাহ কৰি ইয়াক কাৰ্যক্ষম কৰি তোলাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷


(৪) পিনাট– পিনাটে আপোনাক বহু দেৰিলৈ শক্তি ধৰি ৰখাত সহায় কৰিব পাৰে৷ কাৰণ ইয়াত unsaturated fat আৰু প্ৰ’টিন থাকে৷ ইয়াৰ লগতে পিনাটত ভিটামিন-ই আৰু resveratrol থাকে, যিয়ে মগজুটোৰ স্বাস্থ্য ধৰি ৰখাৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰে৷


(৫) ব্ৰকলি– ব্ৰকলিত প্ৰচুৰ পৰিমাণে ডায়েটেৰি ফাইবাৰ থাকে৷ যি মগজুৰ কাৰণে উত্তম৷ ইয়াত glucosinolates থাকে, যিয়ে oxidative stress কম কৰে আৰু মগজু সম্বন্ধীয় সমস্যা দূৰ কৰে৷ তদুপৰি ইয়াত ভিটামিন-চি আৰু ফ্লেভনইডছ থাকে, যিয়ে মগজুৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে৷


(৬) ডালিম– ডালিমত থকা এণ্টিঅক্সিডেণ্টে মগজু আৰু মগজুৰ কোষ ধবংস হোৱাৰ পৰা ৰক্ষা কৰে৷ ডালিমে স্মৃতিশক্তি ধৰি ৰখাতো সহায় কৰে৷


(৭) ৰঙালাউৰ গুটি– ৰঙালাউৰ গুটিত থকা জিংকে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মনোযোগ ধৰি ৰখাটো সহায় কৰে৷


(৮) ব্ৰাহ্মি শাক– স্মৃতিশক্তি বৃদ্ধি কৰাত ব্ৰাহ্মি শাক অন্যতম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here