স্মাৰ্টফোনটো হঠাতে গৰম হয় নেকি?তেন্তে কি কৰিব ? What to do when your smartphone becomes warm suddenly?

0
455
আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত সকলোৱে স্মাৰ্টফোন ব্যৱহাৰ কৰে৷ কিন্তু আপুনি ব্যৱহাৰ কৰা মোবাইল ফোনটো দীৰ্ঘসময় ধৰি কথা পাতিলে, ফে’চবুক, ৱাটছএপ, ইউটিউবত ভিডিঅ’ আদি ব্যৱহাৰ কৰি থাকিলে হঠাতে গৰম হৈ যায়৷ ইয়াৰ ফলত সমস্যাৰো সৃষ্টি নোহোৱা নহয়৷ কিন্তু কেতিয়াবা বহু সময় ধৰি ফোনটো ব্যৱহাৰ নকৰাৰ ফলতো হঠাতে মোবাইল ফোনটো গৰম হৈ যাব পাৰে৷ তেনে সময়ত কি কৰিব কি নকৰিব– তেনে সমস্যা আপোনাৰো নিশ্চয় নোহোৱা নহয়৷ ইয়ে আপোনাক আহুকালত পেলাব পাৰে৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব জানো আহক৷

(১) আপুনি স্মাৰ্টফোনটো চাৰ্জ দিয়াৰ সময়ত কোনোধৰণৰ কাম নকৰিব৷ কাৰণ এই সময়খিনিত যিহেতু ফোনটোৱে চাৰ্জ লৈ থাকে, গতিকে গৰম হোৱাৰ প্ৰৱণতা বাঢ়ে৷ ইয়াৰ ফলত পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই দেখা দিব পাৰে৷

Girl Using Mobile Phone While Charging Stock Photo (Edit Now) 1039817434


(২) নেটৱৰ্কৰ সমস্যাৰ কাৰণেও বহু সময়ত ফোনটো গৰম হ’ব পাৰে৷ কিয়নো নেটৱৰ্কৰ দুৰ্বলতাৰ বাবে স্মাৰ্টফোনটোৱে নেটৱৰ্কৰ সন্ধান কৰে৷ সেই সময়ত ফোনৰ প্ৰচেছৰ আৰু বেটাৰীৰ ওপৰত চাপ পৰে৷ ফলত ফোনটো গৰম হৈ যায়৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুুনি আপোনাৰ পৰিসৰৰ পৰিসেৱা প্ৰদানকাৰী নেটৱৰ্কৰ ভাল চিমকাৰ্ড ব্যৱহাৰ কৰক৷
(৩) ফে’চবুক, ৱাট্‌ছএপ আদি মোবাইলটোৰ নেট মাধ্যমক লৈহে ব্যৱহাৰ কৰিব৷ গান শুনা, চিনেমা চোৱা, ভিডিঅ’ গেম খেলা আদিৰ বাবে মোবাইলৰ কাৰ্যক্ষমতা চাইহে মডেল নিৰ্বাচন কৰক৷ যদি সকলোধৰণৰ সুবিধাৰ বাবে আপুনি মোবাইল ব্যৱহাৰ কৰে, তেন্তে উচ্চ প্ৰযুক্তিৰ সুবিধাযুক্ত, বেছি প্ৰচেছৰ থকা ফোন লওক৷ কম প্ৰচেছৰ থকা মোবাইলত এইবোৰ চালে সোনকালে ফোনটো গৰম হয়৷

Phone Processor Images, Stock Photos & Vectors | Shutterstock


(8) আনহাতে আপুনি ব্যৱহাৰ কৰা মোবাইল এপৰ ক্ষেত্ৰতো সতৰ্ক হওক৷ যিবোৰ এপ আপোনাৰ আৱশ্যক নহয়, তেনেকুৱা এপবোৰ মোবাইলত নাৰাখি ডিলিট কৰি দিয়ক৷ কিয়নো অনাৱশ্যক এপবোৰে আপুনি ব্যৱহাৰ নকৰিলেও বেকগ্ৰাউণ্ডত কাম কৰি থাকে৷ সেয়েহে ফোনটো সোনকালে বা হঠাতে গৰম হৈ যায়৷

Short of iPhone space? iOS 11 can auto-delete unused apps but keep the data | ZDNet


(৫) আপুনি ব্যৱহাৰ কৰা ফোনটোত থকা অলাগতিয়াল ভিডিঅ’, গান, ঈ-মেইল, মেচেজ, ফটো আদি শীঘ্ৰে ডিলিট কৰক৷ এইবোৰ থকাৰ ফলত ফোনটো গৰম হ’ব পাৰে৷ গতিকে যিবিলাকৰ প্ৰয়োজন নাই, ডিলিট কৰিলে ফোনটো ঠাণ্ডা হৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here