স্পুট্‌নিক লাইটৰ এটা ড’জেই নিয়ন্ত্ৰণ কৰিব কৰ’না

0
894

ৰাছিয়াত প্ৰস্তুত কৰা স্পুট্‌নিক লাইটৰ এটা ড’জেই নিয়ন্ত্ৰণ কৰিব পাৰিব কৰ’না৷ বৰ্তমান সময়ত কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ কম সময়ৰ ভিতৰত অধিক লোকক ভেক্‌চিন প্ৰদান কৰিবলৈ হ’লে এই ভেক্‌চিন বিশেষ কাৰ্যকৰী হ’ব৷ ইয়াৰ ফলত ক্ষিপ্ৰতাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাও সম্ভৱপৰ হ’ব৷ ৰাছিয়াই সোনকালেই ভাৰতত কভিড-১৯ৰ এটা ড’জৰ ভেক্‌চিন স্পুটনিক লাইট প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে৷ ভাৰতস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিকোলাই কুডাশ্বেভে এই কথা জানিবলৈ দিয়ে৷ কৰ’না ভাইৰাছৰ ভেক্‌চিন স্পুট্‌নিক ভিৰ দ্বিতীয়টো ভাগ হায়দৰাবাদত ডেলিভাৰী দিয়াৰ পাছত কুডাশ্বেভে সংবাদ প্ৰতিষ্ঠান এ এন আইক কয় যে ৰাছিয়াই আশা কৰিছে যে ভাৰতত স্পুট্‌নিক ভিৰ উৎপাদন ক্ৰমান্বয়ে বৃদ্ধি হ’ব আৰু প্ৰতিবছৰে ৮৫ কোটি ড’জ উৎপাদন কৰিব পৰা হ’ব৷ তেওঁ কয় যে স্পুট্‌নিক ভিৰ কাৰ্যকাৰিতা বিশ্বত আৰু ৰাছিয়াত সৰ্বজনবিদিত৷ উল্লেখ্য যে ২০২০ চনৰ ৫ ডিচেম্বৰৰ পৰা ১৫ এপ্ৰিল, ২০২১-লৈ চলা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পাছত নাগৰিকসকলক এই ভেক্‌চিন দিয়া হৈছিল৷ স্পুট্‌নিক লাইট ভেক্‌চিন বিশ্বৰ ৬০খন দেশত অনুমোদন লাভ কৰিছে৷ ভাৰতত এই ভেক্‌চিন ব্যৱহাৰৰ বাবে যোৱা ১২ এপ্ৰিলত ভাৰত চৰকাৰে অনুমোদন জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here