স্তন কেঞ্চাৰৰ চিকিৎসাৰএপল’ কৰ্কট কেন্দ্ৰৰ বৃহৎ সফলতা

0
107


এপল’ কৰ্কট কেন্দ্ৰই উন্নত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য স্তনৰ কৰ্কট ৰোগ নিৰ্ণয় কাৰ্যসূচী প্ৰৱৰ্তন কৰিছে৷ এই অগ্ৰগণী পদক্ষেপৰ উদ্দেশ্য হৈছে দ্ৰুত আৰু সঠিক স্তনৰ কৰ্কট ৰোগ নিৰ্ণয় প্ৰদান কৰা৷ জীয়াই থকাৰ হাৰ উন্নত কৰাৰ বাবে সঠিক চিকিৎসা প্ৰদান আৰু আগতীয়াকৈ ৰোগ চিনাক্তকৰণৰ গুৰুত্ব শক্তিশালী কৰাৰ লগতে ৰোগীসকলৰ জীৱনৰ মান উন্নত কৰা৷ এই যুগান্তকাৰী পদক্ষেপে স্বাস্থ্য সেৱাৰ বাবে ভৱিষ্যতৰ এক আশাৰ ৰেঙণি প্ৰদান কৰে৷ অক্টোবৰ মাহত স্তন কেঞ্চাৰৰ সজাগতা মাহৰ সৈতে সংগতি ৰাখি এপল’ কেঞ্চাৰ চেণ্টাৰে এই কাৰ্যসূচী মহিলাসকলৰ স্তন কেঞ্চাৰ সময়মতে নিৰ্ণয়ৰ হকে উৎসৰ্গা কৰিছে৷ স্তন কেঞ্চাৰৰ বিৰুদ্ধে কৰি অহা যুঁজত ৰোগ আগতীয়াকৈ ধৰা পেলোৱাটোৱেই উৎকৃষ্ট আৰু প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰা স্তন কেঞ্চাৰৰ চিকিৎসাত এপল’ কৰ্কট কেন্দ্ৰই বৃহৎ সফলতা লাভ কৰিছে৷ এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হয় স্তনৰ স্বাস্থ্য তৎক্ষণাৎ আৰু সঠিকভাৱে মূল্যায়ন কৰিবলৈ মেম’গ্ৰাফী, আল্ট্ৰাছাউণ্ড আৰু বায়’পিসহ উন্নত ৰোগ নিৰ্ণয় প্ৰযুক্তি৷ এই পদ্ধতিৰে ৰোগীসকলে ২৪ ঘণ্টাত ফলাফল আশা কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here