বয়স অনুপাতে বহন কৰিব নোৱৰা এটা বেগ পিঠিত লৈ কণ কণ শিক্ষাৰ্থীসকলে পুৱাতেই শিক্ষা গ্ৰহণৰ বাবে যাত্ৰা আৰম্ভ কৰে৷ পাঠ্যপুথি, বহী, টিফিন বক্স আদিৰে পূৰ্ণ হৈ থকা বেগ লৈ বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ বাবে সেয়েহে কেন্দ্ৰীয় চৰকাৰে স্কুল বেগৰ ওজন-সম্পৰ্কীয় এক নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু অসমত প্ৰায়সংখ্যক বিদ্যালয়েই কেন্দ্ৰীয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশাৱলী পালন নকৰাৰ ফলত আজিও ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে বহন কৰিবলগীয়া হৈছে অধিক ওজনৰ স্কুল বেগ৷ ইফালে অসম চৰকাৰে স্কুল বেগৰ ওজন-সম্পৰ্কীয় নীতি-নিৰ্দেশনা শিক্ষানুষ্ঠানসমূহে কাৰ্যকৰী কৰিছেনে নাই সেয়া চোৱাৰ বাবে জিলা আৰু শিক্ষা খণ্ড পৰ্যায়ত স্পেচিয়েল স্কোৱাড গঠন কৰি শিক্ষানুষ্ঠানসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিছিল যদিও এই নিৰ্দেশ ৰাজ্যখনত আজিলৈকে বাস্তৱত ৰূপায়িত হৈ নুঠিল৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে ২০২০ বৰ্ষৰ স্কুল বেগ নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন আৰু হোমৱৰ্ক কৰাৰ ক্ষেত্ৰত বহুকেইটা নিয়ম বান্ধি দিছিল৷ সেই অনুসৰি শিক্ষাৰ্থীৰ দেহৰ ওজনৰ ১০ শতাংশতকৈ অধিক স্কুল বেগৰ ওজন হ’ব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছিল৷ একেদৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন ১.৬ কেজিৰ পৰা ২.২ কেজিৰ ভিতৰত, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সৰ্বোচ্ছ ২.৫ কেজি, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন ৩ কেজিৰ ভিতৰত আৰু নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন ৫ কেজিৰ ভিতৰত হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছিল৷ ইফালে বিদ্যালয়সমূহত লকাৰৰ ব্যৱস্থা থকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বেগৰ ওজন নিৰূপণৰ বাবে প্ৰতিখন বিদ্যালয়েত ডিজিটেল ওজন জোখা মেচিনো থাকিব লাগিব বুলি শিক্ষা মন্ত্ৰ্যালয়ে জাননীত উল্লেখ কৰিছিল৷ কিন্তু এনে নিৰ্দেশনা থকাৰ পাছতো আজিলৈকে অধিকসংখ্যক শিক্ষানুষ্ঠানেই শিক্ষাৰ্থীৰ বেগৰ ওজন জোখাৰ বাবে ক্ৰয় কৰা নাই ডিজিটেল ওজন জোখা মেচিন৷ যাৰ ফলত আজিও ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ কলেৱৰৰ পাঠ্যপুথি, বহী, টিফিন বক্স আদি সামগ্ৰীৰে ভৰ্তি হৈ থকা স্কুল বেগ কেকোজেকোকৈ লৈ বিদ্যালয়লৈ অহা-যোৱা কৰি আছে৷
স্কুলবেগৰ ওজন-সম্পৰ্কীয় কেন্দ্ৰৰ নিৰ্দেশনা ৰাজ্যত কিমানখিনি কাৰ্যকৰী হৈছে !
By Health Plus
114
Previous articleকেন্দ্ৰই যোগ পদ্ধতিৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছে : কোনে ক’লে ?
Next articleঘৰুৱাভাৱে কিদৰে তৈয়াৰ কৰিব মুলতানি মাটিৰ ফেচপেক
RELATED ARTICLES
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
Health Plus - 0
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু
Health Plus - 0
ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...
বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?
Health Plus - 0
দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...
Most Popular
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...