সৌন্দৰ্যবৰ্ধনৰ উপৰি ফুলৰ আছে স্বাস্থ্যসন্মত গুণ

0
1016

আমাৰ সকলোৰে ঘৰৰ আগফালে ফুলৰ বাগিচাখন থাকেই৷ তাত নানাৰঙী ফুল ৰোপণ কৰোঁ৷ ফুলৰ বাগিচাখনে ঘৰ এখনৰ সৌন্দৰ্যতা বঢ়াই তোলে৷ আমি সাধাৰণতে সৌন্দৰ্যবৰ্ধন, গোসাঁই সেৱাৰ কাৰণেহে ফুল ৰোও৷ কিন্তু আপুনি হয়তো নাজানে যে সৌন্দৰ্যৰ ৰাণী ফুলত লুকাই আছে হাজাৰবিধ ৰোগ-মুক্তিৰ উপায়৷ কিছুমান ফুল আছে, যি ফুল স্বাস্থ্যৰ পক্ষে উপকাৰী৷ এনে ফুলৰ উপকাৰিতা গুণৰ বিষয়ে জানিলে হয়তো আপুনি অবাক হ’ব৷ এনেবোৰ ফুল ভেষজ ঔষধি গুণেৰে ভৰা৷ ফুলৰ কেৰ’টিনয়েডছ, ফ্লেভানয়েডছ, ফেনোলিক এচিড, এন্থোছায়ানিন থাকে৷ ইয়াৰ উপৰি প্ৰ’টিন, কেৰ’টিন, তেল, ভিটামিন আৰু চাকাৰাইডজাতীয় দ্ৰব্য ফুলৰ অভ্যন্তৰত যথেষ্ট পৰিমাণে থাকে৷ সেয়ে জানো আহক– কোনবিধ ফুল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী৷

জবা ফুল– ইংৰাজীত এইবিধ ফুলক হিবিছকাছ নামে জনা যায়৷ এইবিধ ফুল প্ৰধানতঃ পাচনজনিত সমস্যা আৰু মহিলাসকলৰ প্ৰজনন সম্পৰ্কীয় সমস্যাৰ বাবে উপকাৰী৷ ইয়াৰ উপৰি জবা ফুল খালে ডায়েবেটিছ, শৰীৰৰ বেয়া কলেষ্টৰেল কমোৱাত সুফল পাব পাৰি৷ জবা ফুলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ এই গুণবিশিষ্ট কাৰণে জবা ফুল উপৰোক্ত সমস্যাসমূহৰ কাৰণে কাৰ্যকৰী হিচাপে কাম কৰে৷


লেভেণ্ডাৰ–
সৌন্দৰ্যবৰ্ধনৰ উপৰি লেভেণ্ডাৰৰ বহুতো উপকাৰী বৈশিষ্ট্য আছে, যাৰ মাধ্যমেৰে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক শিথিল কৰাত সহায় কৰে৷ এইবিধ ফুলে শৰীৰৰ বিভিন্ন ধৰণৰ সংক্ৰমণ, পেশী দুৰ্বলতা আদি দূৰ কৰে৷ লেভেণ্ডাৰ চুলিৰ কাৰণেও উপকাৰী৷ ইয়াক ৰুটী, চালাড, মিঠাই আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়৷


গোলাপ– সাধাৰণতে গোলাপক ‘ফুলৰ ৰাণী’ বুলি কোৱা হয়৷ ভাৰত বা এছিয়া মহাদেশত গোলাপৰ সমাদৰ যথেষ্ট আছে৷ গৱেষণাৰ পৰা জনা গৈছে যে গোলাপত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ তদুপৰি গোলাপক ভিটামিন আৰু গুৰুত্বপূৰ্ণ খনিজ উৎস হিচাপে বিবেচনা কৰা হয়৷ আনহাতে খাদ্যৰ সোৱাদ বঢ়াবলৈ গোলাপ ব্যৱহাৰ কৰা দেখা যায়৷


ৰোজমেৰি– আন ফুলৰ তুলনাত এইবিধ ফুল অলপ বেলেগ ধৰণৰ৷ এই ফুলবিধত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ইয়াৰ উপৰি ৰোজমেৰি জিংকৰ এবিধ ভাল উৎস৷ এইবিধ ফুল খাবলৈ অতি সুস্বাদু৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here