সৌন্দৰ্যচৰ্চাত সৰিয়হৰ তেলৰ ভূমিকা কি?

0
1905

আমাৰ দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ কৰি থকা এবিধ সামগ্ৰী হৈছে সৰিয়হৰ তেল৷ ইয়াক মিঠাতেল বুলিও জনা যায়৷ খাদ্যত মিঠাতেলক বেছিকৈ ব্যৱহাৰ কৰা হয়৷ স্বাস্থ্য ধৰি ৰখাত সৰিয়হৰ তেল অন্যতম৷ কাৰণ ই প্ৰচুৰ পৰিমাণৰ পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ৷ ৰিফাইন তেলতকৈ সৰিয়হৰ তেল খোৱাটো স্বাস্থ্যৰ পক্ষে বহুগুণে ভাল৷ সৰিয়হৰ বীজৰ পৰা এই তেল প্ৰস্তুত কৰা হয়৷ সৰিয়হৰ তেলৰ ব্যৱহাৰে আপোনাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে সৌন্দৰ্যও ধৰি ৰাখিব পাৰে–

(১) সৰিয়হৰ তেলে বয়সৰ চাপ দূৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে অলপ সৰিয়হৰ তেল মূখখনত ভালকৈ মাচাজ কৰিব লাগে৷ যেতিয়া ছালখনত তেলখিনি মিলি যাব, তেতিয়া পৰিষ্কাৰ পানীৰে মুখখন ধুই দিব লাগে৷


(২) নাৰিকল তেলৰ লগত অলপ সৰিয়হৰ তেল মিশ্ৰণ কৰি মুখত মাচাজ কৰিব লাগে৷ এনে কৰিলে শালমইনা নোহোৱা হয়৷


(৩) প্ৰায়ে শীতকালত আমাৰ ছালখন ৰুক্ষ হৈ পৰে৷ এনে সময়ত সৰিয়হৰ তেলৰ সেৱনে আপোনাৰ ছাল মসৃণ কৰিব পাৰে৷


(৪) সৰিয়হৰ তেলৰ দ্বাৰা মুখৰ ক’লা দাগ আঁতৰ কৰিব পাৰি৷ ইয়াৰ বাবে সৰিয়হৰ তেলত বেচন আৰু দৈ মিশ্ৰণ কৰি মুখত লগালে ক’লা দাগ আঁতৰ হোৱাৰ লগতে ছালখনো উজ্জ্বল হোৱাত সহায় কৰে৷


(৫) সৰিয়হৰ তেলেৰে চুলিখিনি মাচাজ কৰিলে চুলিখিনি মসৃণ হোৱাৰ লগতে উজ্জ্বল আৰু মজবুত হয়৷


(৬) এণ্টিঅক্সিডেণ্ট সমৃদ্ধ সৰিয়হৰ তেলৰ ব্যৱহাৰে উফি আৰু ফটা চুলিৰ সমস্যা নাইকিয়া কৰে৷


(৭) দাঁতত হালধীয়া দাগ পৰিলে নিমখ, চৌডা খাৰ, নেমুটেঙাৰ ৰস আৰু সৰিয়হৰ তেল মিহলাই ঘঁহিলে দাঁত বগা আৰু পৰিষ্কাৰ হয়৷


(৮) সৰিয়হ মিহিকৈ পিহি শালমইনাৰ দাগত লগালে শালমইনাৰ দাগ আঁতৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here