সৌন্দৰ্যচৰ্চাত গাজৰ কেনেদৰে ব্যৱহাৰ কৰিব?

0
1333

এখন উজ্জ্বল ছালৰ অধিকাৰী হ’বলৈনো কোনে নিবিচাৰে আৰু ইয়াৰ বাবে যেন আমি কত কি যে ব্যৱহাৰ কৰোঁ, তাৰ কোনো হিচাপ নাই৷ বিজ্ঞাপন এটা দেখিয়েই আমি আমাৰ ছালখনৰ বাবে যিকোনো বস্তু ক্ৰয় কৰি আনো৷ যাৰ আধাখিনিয়ে আমি ব্যৱহাৰ নকৰোঁ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে আমি আমাৰ ঘৰতে উপলব্ধ প্ৰাকৃতিক সামগ্ৰীৰে ছালখনৰ যতন ল’ব নোৱাৰোঁনে? নিশ্চয় পাৰোঁ৷ প্ৰকৃতিৰ পৰা পোৱা এনে বহুতো সামগ্ৰী আছে, যাৰ উপযুক্ত ব্যৱহাৰেৰে আমি আমাৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগাব পাৰোঁ৷ ইয়াৰ ভিতৰত হৈছে গাজৰ৷ আমি সকলোৱে জানো যে গাজৰ আমাৰ শৰীৰৰ চকু, চুলিৰ কাৰণে কিমান উপকাৰী৷ কিন্তু সৌন্দৰ্য বৃদ্ধিত যে গাজৰৰো ভূমিকা আছে, খুব কম মানুহেহে জ্ঞাত৷ 

গতিকে সৌন্দৰ্য বৃদ্ধিত গাজৰক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানো আহক–

(১) গাজৰত প্ৰচুৰ পৰিমাণে পটাচিয়াম থাকে, যিয়ে ছালৰ শুষ্কতা দূৰ কৰিব পাৰে৷ গতিকে শুকান ছালৰ গৰাকীসকলে গাজৰক ফেচিয়েল মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে গাজৰ এটা ৰুকি লৈ তাত মৌ আৰু গাখীৰ মিশ্ৰণ কৰি ১৫ মিনিটমানলৈ ৰাখি পৰিষ্কাৰ পানীৰে ধুই দিব লাগে৷ এনে কৰিলে ছাল মসৃণ হোৱাৰ লগতে উজ্জ্বলতা বৃদ্ধি পায়৷


(২) গাজৰত থকা ভিটামিন-A য়ে ছালৰ অতিৰিক্ত তেল বাহিৰ কৰি ছালখনক সজীৱ কৰি তোলে৷ গতিকে তেলেতীয়া ছালৰ গৰাকীয়েও গাজৰক ফেচিয়েল মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে গাজৰৰ ৰসত দৈ, চাউলৰ গুৰি আৰু নেমুৰ ৰস মিহলাই মুখত লগাব লাগে৷


(৩) গাজৰে ছালৰ মৃত কোষসমূহ আঁতৰাই নতুন কোষৰ বিকাশত সহায় কৰে৷ ইয়াৰ বাবে গাজৰৰ ৰসত দৈ আৰু কণীৰ বগা অংশ মিশ্ৰণ কৰি লগাব লাগে৷


(৪) গাজৰত থকা বিটা কেৰটিন আৰু কেৰটিনয়ডছে ছালখনক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা বচাই ৰাখে৷ গাজৰৰ ৰসৰ লগত গোলাপ জল মিশ্ৰণ কৰি লগালে ছালখন হাইড্ৰেট হৈ থকাৰ লগতে ছানবাৰ্নৰ পৰাও ৰক্ষা পৰে৷

(৫) ভিটামিন-C যুক্ত গাজৰে ছালৰ কলাজেন বৃদ্ধি কৰি বয়সৰ চাপ দূৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে গাজৰৰ ৰসৰ লগত এলোভেৰা মিশ্ৰণ কৰি লগালে সুফল পোৱা যায়৷


(৬) দৈনিক ৰাতিপুৱা এগিলাচকৈ গাজৰৰ ৰস সেৱন কৰিলে ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ হৈ উজ্জ্বলতা বৃদ্ধিত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here