সোণাপুৰ টোলগে’টত ৯.২৫ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ

0
377
মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত যোৱা ২৯ আগষ্টৰ নিশা মহানগৰীৰ সোণাপুৰ টোলগে’টত প্ৰায় ৮-৪৫ বজাত সোণাপুৰ টোলগে’টত জব্দ কৰা বলেৰ’ গাড়ী এখনৰ পৰা মুঠ ১ কেজি ৩২৪ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষীয়ে৷ জব্দকৃত এই ড্ৰাগ্‌ছ সৰবৰাহকাৰীকেইটাক মণিপুৰৰ পৰাই অনুসৰণ কৰি আহিছিল অসম আৰক্ষীৰ চোৰাংচোৱাই৷ MN-07-D-3257 নম্বৰৰ বলেৰ’ গাড়ীখন জব্দ কৰাৰ পাছত মেকানিক আনি গাড়ীখন খুলি বিভিন্ন গোপন স্থানত লুকুৱাই অনা ১০০টা চাবোনৰ সৰু সৰু বাকচৰ ভিতৰত থকা ড্ৰাগ্‌ছখিনি জব্দ কৰে৷ এই বাকচসমূহ গাড়ীখনৰ ইঞ্জিন, ডেছব’ৰ্ড, ছীট ক’ভাৰ, ৰেডিয়েটৰ, বেক লাইটৰ ভিতৰত, ষ্টিয়েৰিং, মিউজিক ছিষ্টেমৰ ভিতৰত, ডিকি আদি বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হয়৷ এই ড্ৰাগ্‌ছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৯.২৫ কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ গাড়ীখন মণিপুৰৰ ম’ৰেৰ পৰা চুৰচান্দপুৰ, ডিমাপুৰ হৈ গোলাঘাট আৰু তাৰ পৰা গুৱাহাটীলৈ আহিছিল৷ মহানগৰ আৰক্ষী আয়ুক্তই সদৰী  কৰি কয় যে ড্ৰাগ্‌ছ সৰবৰাহকাৰীসকলে সম্প্ৰতি সৰবৰাহ কৰাৰ কৌশল সলনি কৰিছে৷ আগতে ডাঙৰ গাড়ীত ড্ৰাগ্‌ছ সৰবৰাহ হৈছিল আৰু এতিয়া সৰু সৰু গাড়ীত ড্ৰাগ্‌ছ সৰবৰাহ কৰা হয়৷ আৰক্ষী আয়ুক্তজনে আৰু কয় যে যোৱা এটা মাহত গুৱাহাটীত কেৱল ড্ৰাগ্‌ছ সম্পৰ্কীয় মুঠ ৩৩টা গোচৰ ৰুজু কৰা হৈছে৷ এই সন্দৰ্ভত মুঠ ১২১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে৷ ইফালে সোণাপুৰত জব্দ কৰা ড্ৰাগ্‌ছখিনি সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে মণিপুৰৰ খাইমিনলাল টৌথাং, চেইমিনথাং মাটে, পাওমিনথাং লাংঘাল, কাইলালচন খংচাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ তেওঁলোকৰ তথ্যৰ ভিত্তিত বিশেষ আৰক্ষীৰ দলে গুৱাহাটীৰ পৰা মণিপুৰৰ লুলুন কুকি আৰু নাগালেণ্ডৰ কামখ’জিম নামৰ আন দুটা ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here