সূৰ্যৰ ৰশ্মি শিশুৰ চকুৰ কাৰণে ভালনে? Are sunrays beneficial for children’s eyes?

0
415

আজিকালি প্ৰায়ভাগ শিশুৰ অতি কম বয়সতে চকুৰ বিভিন্ন সমস্যাই দেখা দিয়া পৰিলক্ষিত হয়৷ কিছুমান শিশু এনেকুৱাও আছে, যাৰ চছ্‌মা অবিহনে যেন দিনটো নচলেই৷ কিন্তু কি বাৰু ইয়াৰ কাৰণ?
গৱেষণা কৰি পোৱা গৈছে যে আজিকালি শিশু অনৱৰতে ঘৰৰ ভিতৰত থকাৰ ফলত তেওঁলোকৰ চকু ভালকৈ বিকশিত হোৱাত অসক্ষম হয়৷ এনেদৰে সূৰ্যৰ পোহৰৰ পৰা বঞ্চিত হৈ তেওঁলোকে বিভিন্ন ধৰণৰ বৈদ্যুতিক সামগ্ৰী যেনে মোবাইল, ভিডিঅ’ গেম, কম্পিউটাৰ আদিৰ সংস্পৰ্শত থকাৰ ফলত তেওঁলোকৰ দৃষ্টিশক্তি লোপ পাবলৈ আৰম্ভ কৰে৷ সাধাৰণতে শিশুসকলৰ ক্ষেত্ৰত দেখা দিয়া এই সমস্যাত তেওঁলোকে ওচৰৰ বস্তু ঠিকেই দেখা পায়, কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এই সমস্যাক মায়’পিয়া বুলি কোৱা হয়৷

Nearsightedness epidemic


আমেৰিকান একাডেমি অব্‌ অফ্‌থেলম’লজিৰ মতে যিসকল শিশুৱে দিনৰ ভাগত সূৰ্যৰ পোহৰত খেলা-ধূলা কৰে, তেওঁলোকৰ মায়’পিয়া হোৱাৰ সম্ভাৱনা কম হয়৷ তেওঁলোকৰ মতে সূৰ্যৰ পোহৰে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে৷

Kid Looking Sun Images, Stock Photos & Vectors | Shutterstock

আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ নিতিকা কোহলীৰ মতে শিশুৰ উন্নত দৃষ্টিশক্তিৰ বাবে আপোনালোকে এইকেইটা টিপছ অনুসৰণ কৰিব পাৰে৷
(১) আয়ুৰ্বেদৰ মতে সূৰ্যই আমাৰ চকু পৰিচালনা কৰে৷ সেয়েহে উন্নত দৃষ্টিশক্তিৰ বাবে শিশুই ছানবাথ কৰাটো অতি উত্তম৷

Two boy sunbathing on the beach mat Royalty Free Vector


(২) লগতে দৈনিক সূৰ্য উদয় হোৱাৰ সময়ত ১০ ছেকেণ্ডমান সূৰ্যলৈ চালে দৃষ্টিশক্তি উন্নত হয়৷
(৩) অধিক সুফল লাভ কৰিবৰ বাবে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত যেতিয়া সূৰ্যৰ তাপ প্ৰখৰ নহয়, তেনে সময়ত খালী ভৰিৰে বনত থিয় হৈ ছানবাথ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here