সুস্বাস্থ্যৰ বাবে দৈ খাওক

0
2190

দৈ আমাৰ বেছিভাগ লোকৰে প্রিয়। ভাত খোৱাৰ শেষত দৈ অকণ পালে তাৰ মজাই বেলেগ। চিৰা বা কোমল চাউলৰ লগত, মালভোগ কল, গুৰ আৰু দৈৰ জলপান খাবলৈ কোনে বাৰু বেয়া পায়?
আজি এই লিখনিত আমি দৈৰ গুণৰ বিষয়ে কিছু কথা আলোচনা কৰিম।

অতীজৰে পৰা ভাৰতীয় সংস্কৃতিত দৈক পৱিত্ৰ বস্তু হিচাপে গণ্য কৰি অহা হৈছে। খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন ধাৰ্মিক অনুষ্ঠানত দৈ অপৰিহাৰ্য।
দৈত যথেষ্ট পৰিমাণে কেলচিয়াম, পটাছিয়াম, মেগনেচিয়াম, ভিটামিন বি২ আৰু বি১২ থাকে।

স্বাস্থ্য ৰক্ষাত দৈৰ ভূমিকা—–

(১) দৈ খালে পাচন শক্তি বৃদ্ধি পায়। দৈত থকা লেক্টবেছিলাছ নামৰ উপকাৰী বেক্টেৰিয়াই আমাৰ পাচন তন্ত্ৰৰ কাৰ্য্য ক্ষমতা বৃদ্ধি কৰে।

(২) দৈয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা উপকাৰী লেক্টবেছিলাছ বেক্টেৰিয়াই আমাৰ শৰীৰক বিভিন্ন ৰোগৰ লগত যুঁজিব পৰাকৈ কাৰ্য্যক্ষম কৰি তোলে।

(৩) দৈত থকা কেলচিয়াম আৰু ফচফৰাছে হাঁড় আৰু দাঁত মজবুত কৰাত সহায় কৰে।

(৪) দৈয়ে আমাৰ শৰীৰত কৰটিছল(cortisol) নামৰ হৰমন আৰু কলেষ্টৰল জমা হোৱাত বাধা দিয়ে। ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰিত হৈ থকাত সহায় হয়।

(৫) দৈয়ে আমাৰ হৃদযন্ত্ৰটোকো সুৰক্ষিত কৰি ৰাখে। যিহেতু দৈয়ে কলেষ্টৰল জমা হোৱাত বাধা দিয়ে গতিকে হৃদ ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়।

(৬) দৈ খোৱাৰ ফলত আমি মানসিক চাপ মুক্ত হৈ থাকিব পাৰো। বিভিন্ন গৱেষণাৰ পৰা গম পোৱা গৈছে যে দৈয়ে আমাৰ বিভিন্ন অনুভূতি, উত্তেজনা, চাপ আদি নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ ফলত আমাৰ মগজু সুস্থ হৈ থাকে।

(৭) সৌন্দৰ্য্যৰ দৃষ্টিৰ ফালৰ পৰা চাবলৈ গলেও দৈৰ অৰিহণা বহুত। দৈত থকা ভিটামিন ই, জিংক আদি তত্ত্বই ছালৰ উজ্জ্বলতা বঢ়ায়, বয়সৰ ৰেখা পৰা দূৰ কৰে, মুখৰ কলা দাগ নাইকিয়া কৰে। এন্টি বেক্টেৰিয়েল(anti bacterial) আৰু এন্টি ফাংগেল(anti fungal) গুণৰ বাবে ই উফি নোহোৱা কৰে আৰু বিভিন্ন ছালৰ বেমাৰ ঠিক হোৱাত সহায় কৰে।

আয়ুৰ্বেদত দৈৰ বৰ্ণনা—-

আয়ুৰ্বেদত দৈক ইয়াৰ বিভিন্ন গুণৰ বাবে মঙ্গলকাৰী বুলি কৈছে। চৰক সংহিতাত আচাৰ্য্য চৰকে বৰ্ণনা কৰা মতে দৈ অম্ল ৰস যুক্ত, অম্ল বিপাক যুক্ত, উষ্ণ, গুৰু, গ্ৰাহী অৰ্থাৎ শোষণ কৰিব পৰা গুণ অৰ্থাৎ অতিসাৰ বা ডায়েৰীয়া ৰোগত উপকাৰী আৰু বাত দোষ নাশক।

আকৌ দৈৰ আন কিছুমান গুণ হৈছে
ৰোচন অৰ্থাৎ ৰুচি বৰ্ধক, দ্বীপন অৰ্থাৎ পাচন শক্তি বঢ়ায়, বৃষ্য, স্নেহন অৰ্থাৎ শৰীৰৰ স্নিগ্ধতা বৃদ্ধি কৰে, বলবৰ্ধন অৰ্থাৎ শৰীৰৰ বল বৃদ্ধি কৰে। এইবোৰ হৈছে গৰুৰ গাখীৰৰ দৈৰ গুণ।

ছাগলীৰ গাখীৰৰ দৈ অতি উপকাৰী আৰু ই ত্ৰিদোষ শামক । মহৰ গাখীৰৰ দৈ বেছি গুৰু আৰু কফ দোষ বৰ্ধক।

ভালদৰে নজমা দৈ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। কাৰণ ই ত্রিদোষৰ অসমতা কৰে।

আয়ুৰ্বেদত শৰৎ, গ্ৰীষ্ম আৰু বসন্ত কালত আৰু ৰাতি দৈ খোৱা অপকাৰী বুলি কৈছে। তাৰোপৰি ৰক্ত, পিত্ত আৰু কফজনিত ৰোগত দৈ খোৱা নিষেধ বুলি কৈছে।
চৰক সংহিতাত শোথ(inflammation) অৰ্থাৎ শৰীৰৰ কোনো অংগ ফুলি উঠা, বিসৰ্প নামৰ চৰ্মৰোগ আদিত দৈ খোৱা অপকাৰী বুলি কোৱা হৈছে। বেছি মিঠা আৰু মলাই যুক্ত দৈ শকত মানুহৰ বাবে অপকাৰী, কাৰণ ই কফ বৃদ্ধি কৰে আৰু ওজন বঢ়ায়।

বেছি টেঙা দৈয়ে পিত্ত বৃদ্ধি কৰে। ফলত টোপনিৰ বিসংগতি, পাচন সম্বন্ধীয় ৰোগ, মূৰৰ বিষ আদি উপসৰ্গই দেখা দিয়ে।

দৈ কেতিয়াও গৰম কৰি খাব নালাগে। এনেকুৱা কৰিলে ইয়াৰ গুণ নষ্ট হয়। গতিকে সঠিক মাত্ৰাত, সঠিক নিয়মত দৈ খাওক আৰু সুস্থ থাকক।

ডাঃ বন্দনা শৰ্মা
চিকিৎসা বিষয়া(আয়ুৰ্বেদ)

           

LEAVE A REPLY

Please enter your comment!
Please enter your name here