সুস্বাদুৰ উপৰি ধনিয়াপাতৰ আৰু কি আছে বিশেষ গুণ || Apart from taste what other special properties do Coriander leaves have?

0
1543

শীতকালত উৎপন্ন হোৱা ধনিয়াপাত সকলোৰে ঘৰত পাবই৷ কিয়নো ইয়াৰ সুগন্ধি আকৰ্ষণৰ কেন্দ্ৰ হোৱাৰ লগতে ধনিয়াপাতে ব্যঞ্জনখনৰ সোৱাদ দুগুণে বঢ়ায়৷ চাটনি, চালাড, মাছৰ জোল, দাইল আদি সকলোতে ধনিয়াপাত দিলে আঞ্জাখনৰ সোৱাদেই সুকীয়া হয়৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে খাদ্যৰ সোৱাদ বঢ়োৱাৰ উপৰি ধনিয়াপাতে আমাৰ ৰূপচৰ্চাতো সহায় কৰে৷ চুলি উজ্জ্বল আৰু মসৃণ কৰে ধনিয়াপাতৰ ৰসে৷ চুলিৰ যত্নত কিদৰে ইয়াক ব্যৱহাৰ কৰিব জানো আহক৷
চুলিৰ যত্নৰ বাবে বিভিন্ন হেয়াৰ ট্ৰিটমেণ্ট ব্যৱহাৰ কৰা যায়৷ ঘৰুৱাভাৱে হেয়াৰ মাস্ক বা হেয়াৰ পেক প্ৰস্তুত কৰাত পাকঘৰৰ বিভিন্ন উপাদান ব্যৱহাৰ কৰা হয়৷ কিছুমান ফল বা পাচলি বা শাকেৰেও মাস্ক তৈয়াৰ কৰা হয়, যিবিলাক চুলিৰ স্বাস্থ্যৰ যত্নৰ বাবে অতি উপকাৰী৷ তাৰ ভিতৰত ধনিয়াপাতো অন্যতম৷

Coriander Oil For Super fast Hair Growth Challenge | How To Grow Long and Thicken Hair Faster - YouTube

চুলিৰ সুৰক্ষা তথা সৌন্দৰ্য বৃদ্ধিত ধনিয়াপাতৰ ৰস ব্যৱহাৰ কৰা হয়৷ ইয়াৰ বাবে অলপ ধনিয়াপাত লৈ পানীৰে পৰিষ্কাৰকৈ ধুই ল’ব৷ তাৰ পাছত ধনিয়াপাতৰ ৰস উলিয়াই পানীৰে সৈতে এটা পেষ্ট তৈয়াৰ কৰক৷ এই পেষ্টটো ভালদৰে চুলিত লগাওক লগতে মূৰৰ ছালত লগাকৈও আঙুলিৰে মাচাজ কৰিব৷ এনেকৈ আধা ঘণ্টা ৰখাৰ পাছত ছেম্পুৰে চুলিখিনি ধুই দিব৷ সপ্তাহত কমেও দুবাৰ এই মিশ্ৰণটো চুলিত লগাওক৷ ই চুলিৰ মসৃণতা বৃদ্ধি কৰাৰ লগতে চুলিৰ বৃদ্ধিতো সহায় কৰে৷

coriander leaves for super fast hair growth challenge(100%)|soft,shiny hair|MY CHARMING SECRETS. - YouTube

এলোভেৰা জেলৰ সৈতে ধনিয়াপাতৰ ৰস মিহলাই চুলিত লগালে চুলি সৰা বন্ধ হয়৷ ইয়াৰ বাবে এলোভেৰা জেলৰ সৈতে ধনিয়াপাতৰ ৰস মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো ২০ মিনিটমান চুলিত ৰাখি পাছত পৰিষ্কাৰ পানীৰে ধুই দিব৷ এই হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে চুলি নৰম আৰু মসৃণ হয়৷

Try These Combinations of Coriander and See The Magic! - News Crab | DailyHunt

আনহাতে মূলতানি মাটি চুলিৰ বাবে খুব উপকাৰী৷ ধনিয়াপাতৰ ৰসৰ সৈতে মূলতানি মাটি মিহলাই এটা পেষ্ট তৈয়াৰ কৰক৷ এই মিশ্ৰণটো ২০ মিনিটমান চুলিত ৰাখি পাছত ধুই দিয়ক৷ এই পেষ্টটো চুলিত লগালে চুলি ঘন, দীঘল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here