সুস্থ লিভাৰৰ বাবে আমলখি

0
1477

কেহা সোৱাদযুক্ত আমলখিক প্ৰাচীন কালৰ পৰাই বহু ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে৷ ই এনে এবিধ ছুপাৰ ফুড, যি আমাৰ শৰীৰৰ বাবে খুব উপকাৰী৷ ইয়াৰ ঔষধি গুণাগুণৰ বাবে আমাৰ ককা-আইতাহঁতৰ পৰা আৰম্ভ কৰি মা-দেউতাহঁতে এই ফলবিধক সদায় বিভিন্ন স্বাস্থ্য সম্বন্ধীয় সমস্যা যেনে– গেছ, বদহজম আদি সমস্যাত ব্যৱহাৰৰ বাবে সাঁচি ৰাখিছিল৷ মানৱ শৰীৰৰ বাবে লাগতিয়াল ভিটামিন-চি, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল, এণ্টিইনফ্লেমেটৰী আদি সকলোবোৰ উপাদান আমলখিত পোৱা যায়৷ এই উপাদানসমূহে ওজন হ্ৰাস কৰা, ইমিউনিটি ধৰি ৰখাৰ লগতে লিভাৰৰ বিভিন্ন সমস্যাৰ পৰাও ৰক্ষা কৰে৷ সেই কাৰণে বিশেষজ্ঞসকলে আমলখিৰ ৰসক দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ আমলখিয়ে শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থ টক্সিন বাহিৰ কৰাত সহায় কৰে৷ যিয়ে পাছলৈ লিভাৰটোক সুস্থ কৰি ৰখাত অৰিহণা যোগায়৷ Food & Function নামৰ জাৰ্নেলত প্ৰকাশিত তথ্যৰ পৰা জানিব পৰা গৈছে যে আমলখিয়ে Hyperlipidemia অৰ্থাৎ অতিৰিক্ত চৰ্বি কম কৰাত সহায় কৰে৷ ইয়ে পাছলৈ ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা দূৰ কৰে৷ সেয়েহে শৰীৰৰ বিভিন্ন সমস্যাৰ লগতে লিভাৰৰ যতনতো আমলখিৰ খুবেই দৰকাৰ৷


গতিকে লিভাৰৰ যতনত আমলখি কেনেদৰে সেৱন কৰিব লাগে জানো আহক–

আমলখিৰ জুচ– আমলখিৰ জুচ তৈয়াৰ কৰিবলৈ কেইটামান আমলখি ৰুকি লৈ অলপ পানীৰ সৈতে মিস্কিত গ্ৰাইণ্ড কৰি লওক৷ এনেদৰেও আমলখি সেৱন কৰিব পাৰে৷


আমলখিৰ চাহ– গোটেই ৰাতি আমলখি তিয়াই থৈ ৰাতিপুৱা বইল কৰি চাহ হিচাপে খাব পাৰি৷ সোৱাদ অনুযায়ী গ্ৰীন টীও ব্যৱহাৰ কৰিব পাৰে৷


ক’লা নিমখৰ সৈতে আমলখি– টেঙা-মিঠা সোৱাদৰ বাবে বহুতে তেঁতেলী খাই ভাল পায়, ঠিক তেনেদৰে আমলখিকো ক’লা নিমখৰ সৈতে আপুনি দৈনিক সেৱন কৰিব পাৰে৷ ইয়াৰ লগত সোৱাদ বৃদ্ধিৰ বাবে ধনিয়াৰ চাটনি, ৰেডচিলিও ব্যৱহাৰ কৰিব পাৰে৷

আমলখিৰ চিপছ– আমলখিক ৰ’দত শুকাই বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰে৷ ই বদহজম, গেছ দূৰ কৰাৰ লগতে মুখৰোচক হিচাপেও কাম কৰে৷


আমলখিৰ আচাৰ– বিশেষজ্ঞসকলৰ মতে আচাৰ হৈছে হজমৰ বাবে উত্তম খাদ্য৷ গতিকে আপুনি আমলখিৰ আচাৰ বনায়ো দৈনিক খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here