সুখবৰ! UK-ত ভাৰতে উদ্ভাৱন কৰা ক’ভেক্সিনৰ অনুমোদন ||UK’s nod to Covaxin manufactured in India

0
296
UK চৰকাৰে জনাইছে যে ২২ নৱেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে অনুমোদিত ক’ভিড-১৯ ভেক্‌চিনৰ তালিকাত ভাৰতৰ ক’ভেক্সিনৰ নাম অন্তৰ্ভুক্ত হ’ব৷ অৰ্থাৎ এতিয়াৰ পৰা ভাৰত বায়’টেকৰ কভিড-১৯ বিৰোধী ভেক্‌চিন ক’ভেক্সিন লোৱা যাত্ৰীয়ে ইংলেণ্ডত উপস্থিত হোৱাৰ পাছত স্ব-আলগীকৰণ (ছেল্‌ফ আইছ’লেট) কৰিব নালাগে৷ ভাৰতত আটাইকৈ বেছি ব্যৱহৃত দ্বিতীয়টো ভেক্‌চিন ক’ভেক্সিনক বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী ব্যৱহাৰ তালিকাত (EUL) অনুমোদন জনোৱাৰ পাছতে দেশখনে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতত প্ৰস্তুত কৰা অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ ক’ভিড-১৯ ভেক্‌চিন ক’ভিশ্বিল্ডক যোৱা মাহত UK-ৰ অনুমোদিত তালিকাত অন্তৰ্ভুক্ত কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here