সুখবৰ ! সমগ্ৰ ৰাজ্যত এহেজাৰ নতুন চিকিৎসালয় স্থাপন কৰা হ’ব

0
2340
অসমৰ স্বাস্থ্যখণ্ডত যুগান্তৰকাৰী পৰিৱৰ্তন হৈছে৷ স্বাস্থ্য খণ্ডক আৰু অধিক গতিশীল কৰি তুলিবলৈ সমগ্ৰ ৰাজ্যত ১০০০খন নতুন চিকিৎসালয় স্থাপন কৰা হ’ব৷– এই মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ৷ স্বাস্থ্য বিভাগৰ বাবে ধাৰ্য কৰা পুঁজিৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী মহন্তই বিভাগটোৰ গতিশীলতাৰ কথাবোৰ দাঙি ধৰে৷ তেওঁ কয় যে ৰাজ্যখনত এইপৰ্যন্ত ৮ খন চিকিৎসা মহাবিদ্যালয় আছে আৰু ইয়াৰে ৭ খনতেই পাঠ্যক্ৰম চলি আছে৷ সম্প্ৰতি চিকিৎসা মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়কেইখনতেই ICU-ৰ পৰ্যাপ্ত সুবিধা থকাই নহয়, মহকুমা অসামৰিক চিকিৎসালয় আৰু জিলা অসামৰিক চিকিৎসালয়তো পৰ্যায়ক্ৰমে ICU-ৰ ব্যৱস্থা কৰি থকা হৈছে৷ কভিডসৃষ্ট পৰিস্থিতিৰ পূৰ্বে ৰাজ্যখনত ICU-যুক্ত বিছনা মাত্ৰ ৪০০খন আছিল যদিও শেহতীয়াকৈ ICU-যুক্ত বিছনাৰ সংখ্যা ১৫৪০খনলৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে৷ সেইদৰে অক্সিজেন উপলব্ধ বিছনাৰ সংখ্যাও ৪০০০খনলৈ বৃদ্ধি কৰিবলৈ সক্ষম বুলি মন্ত্ৰী মহন্তই তথ্য দাঙি ধৰে৷ তেওঁ আৰু কয় যে ৰাজ্যখনত ৬০০ মেট্ৰিকটন অক্সিজেন মজুত কৰাৰ ক্ষমতা আছে আৰু এই ক্ষমতা ১০০০ মেট্ৰিকটনলৈ বৃদ্ধি কৰা হ’ব৷ মহন্তই কয় যে এতিয়ালৈ ৯৫ লাখ ৩৬ হাজাৰ লোকক প্ৰথম পালি আৰু ২০,৪৫,৫৫০ গৰাকী লোকক দ্বিতীয় পালি ভেক্‌চিন দিয়া হৈছে৷ তেওঁ আৰু কয় যে ৰাজ্যখনত থকা ১০০৪খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰাজ্যিক চিকিৎসালয়ত খালী হৈ থকা চিকিৎসক, নাৰ্ছ আদি পদতো সোনকালে নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব৷ সেইদৰে উপ-স্বাস্থ্যকেন্দ্ৰসমূহো পৰ্যায়ক্ৰমে উন্নীতকৰণৰ ব্যৱস্থা কৰি থকাৰ কথা উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here