সুখবৰ! মাস্কে চিনাক্ত কৰিব কৰ’না ভাইৰাছ || Good news: a mask that can identify the Corona virus

0
1117
বিশ্বত কৰ’না মহামাৰীৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও সংক্ৰমণ অব্যাহত আছে৷ মাস্ক পৰিধানকে ধৰি বিভিন্ন ধৰণৰ সামাজিক বিধি বিধান পালন কৰি থকা হৈছে কৰ’নাৰ হ্ৰাসৰ বাবে৷ এনে সংক্ৰমণ ৰোধৰ বাবে জাপানৰ কিয়টো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে এক অত্যাধুনিক মাস্ক উদ্ভাৱন কৰি উলিয়াইছে৷ এই মাস্কখনে মোবাইলৰ ফ্লাক্স লাইটৰ জৰিয়তে জনাই দিব যে মাস্ক পৰিধান কৰা ব্যক্তিজন কভিডত আক্ৰান্ত হয় নে নহয়৷ জানিব পৰা মতে, এই মাস্কখনৰ ফিল্টাৰ প্ৰস্তুত কৰা হৈছে উটপক্ষীৰ কোষৰ দ্বাৰা৷ ইতিমধ্যে এই মাস্কখনৰ পৰীক্ষাৰ সফল সমাপ্তি প্ৰমাণিত হৈছে কৰ’নাৰ আগতীয়া সংক্ৰমণৰ কথা৷ অহা বছৰৰ মাজভাগত বজাৰত এই মাস্কখন উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here