সুখবৰ : মহাকাশত ট্ৰেইন চলোৱাৰ পৰিকল্পনা নাছাৰ

0
72

এখন চহৰৰ পৰা আন অখন চহৰ অথবা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ দূৰণিবটীয়া যাতায়াত ব্যৱস্থাৰ বাবে ট্ৰেইনেৰে যাত্ৰা কৰা যায়৷ এইবাৰ অৱশ্যে এক ব্যতিক্ৰমী ট্ৰেইন চলোৱা চেষ্টা চলোৱা হৈছে৷ এইবাৰ ট্ৰেইনেৰে যোগাযোগত ব্যৱস্থাৰ পৰিকল্পনা কৰিছে মহাকাশত৷ মহাকাশত ট্ৰেইন চলোৱাৰ পৰিকল্পনাৰ কথা সদৰী কৰিছে আমেৰিকা মহাকাশ গৱেষণা সংস্থা নাছাই৷ এইপৰ্যন্ত আমেৰিকা, ৰাছিয়া, চীন, জাপান, ভাৰত আদি দেশেহে মহাকাশত ভৰি দিবলৈ সক্ষম হৈছে৷ এইবাৰ মহাকাশলৈ মানুহ প্ৰেৰণ কৰাৰ বাবে আৰ্টেমিছ ৩ উৰণৰ প্ৰস্তুতি কৰিছে৷ শেহতীয়াকৈ মহাকাশক লৈ মহাকাশ বিজ্ঞানীৰ ভাবনাই কিন্তু অন্য মাত্ৰা প্ৰদান কৰিছে৷ আনকি পৃথিৱীৰ লগতে আন গ্ৰহ বা উপগ্ৰহত বসবাসৰ উপযোগী বন্দবস্ত কৰাৰ বাবে উঠিপৰি লাগিছে বিজ্ঞানীয়ে৷ এই এই লক্ষ্য হিচাপে তেওঁলোকে প্ৰথম পচন্দ কৰিছে মহাকাশ তথা মঙল গ্ৰহক৷ মহাকাশৰ বুকু ২০৩০ চনৰ ভিতৰত এটা সম্পূৰ্ণ গৱেষণাৰ স্থলী তৈয়াৰ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে নাছাই৷ আনহাতে মহাকাশ মানুহে বসতি স্থাপন কৰিলে বা নিগাজিকৈ থাকিলে মহাকাশত দূৰ দিগন্তলৈ ঘূৰি ফুৰা বা যাতায়াতত অসুবিধা নহ’বলৈ গাড়ীৰ বন্দৱস্ত সম্পূৰ্ণ কৰিছে নাছাই৷ সেয়ে এইধৰণৰ যাতায়াত ব্যৱস্থাৰ কাৰণে মহাকাশত এঠাইৰ পৰা অইন ঠাইলৈ যাবলৈ ৰে’লপথৰ যোগাযোগৰ ব্যৱস্থা কৰিবলৈ চেষ্টা চলাইছে নাছাই৷ নাছাই এই লক্ষ্যৰ নাম দিছে ফ্লেক্সিবল লেভিটেশ্যন অন এ ট্ৰাক বা এফ এন অ’ এ টি বা ফ্লোট৷ এই প্ৰক্ৰিয়া কাৰ্যকৰী হৈ উঠিলে মহাকাশত যোগাযোগ ব্যৱস্থা শক্তিশালী হৈ উঠিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here