সুখবৰ : ভাৰত পালেহি কভিড এণ্টিবডি ককটেইল

0
1015

যোৱা বছৰ প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক এই ঔষধেৰে চিকিৎসা কৰা হৈছিল আৰু তেওঁ কম সময়ৰ ভিতৰত সংক্ৰমণমুক্ত হৈ পৰিছিল৷

যোৱা ২৫ মে’ত ঔষধ প্ৰস্তুত কৰা কোম্পানী ৰচ ইণ্ডিয়াই ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণত ব্যৱহাৰ কৰা ‘কভিড এণ্টিবডি ককটেইল’ মুকলি কৰে৷ ভাৰতত এই ঔষধ বিতৰণ কৰিব চিপ্‌লা নামৰ ঔষধ কোম্পানীটোৱে৷ দেশৰ নিৰ্দিষ্ট কিছুমান স্থানত এই ঔষধ পোৱা যাব৷ কভিড এণ্টিবডি ককটেইল কাছিৰিভিমাব আৰু ইম্‌ডেভিমাবৰ মিশ্ৰণ৷ দুয়োবিধ ঔষধৰ ৬০০ মিলিগ্ৰামকৈ মিহলি কৰিলে এণ্টিবডি ককটেইল ঔষধ প্ৰস্তুত হয়৷ এই ঔষধে কৰ’না ভাইৰাছক মানুহৰ কোষত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে৷ ফলত ভাইৰাছ বেছি সময়লৈ মানৱ দেহত সক্ৰিয় হৈ থাকিব নোৱাৰে বা ইয়াৰ সংখ্যা বৃদ্ধি কৰিবও নোৱাৰে৷ উল্লেখ্য যে যোৱা বছৰ প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি  ড’নাল্ড ট্ৰাম্পক এই ঔষধেৰে চিকিৎসা কৰা হৈছিল আৰু তেওঁ কম সময়ৰ ভিতৰত সংক্ৰমণমুক্ত হৈ পৰিছিল৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, এই এণ্টিবডি ককটেইলৰ কাৰ্যকাৰিতাৰ হাৰ ৭০%৷ বিশেষজ্ঞসকলে কয় যে এই ঔষধ গ্ৰহণ কৰাৰ পাছত প্ৰায় ৭০% সংক্ৰমিত ব্যক্তি চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন হোৱা নাই৷ ৰচ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি ১২০০ মিলিগ্ৰামৰ প্ৰতিটো ড’জত ৬০০ মিলিগ্ৰাম কাছিৰিভিমাব আৰু ৬০০ মিলিগ্ৰাম ইম্‌ডেভিমাব থাকে৷ ইয়াৰ প্ৰতিটো ড’জৰ মূল্য হ’ল ৫৯,৭৫০ টকা৷ ইয়াৰ মাল্টি ড’জ পেকেটৰ দাম সৰ্বাধিক ১.১৯ লাখ টকা৷ এটা পেকেটত থকা ঔষধ কৰ’নাৰ সংক্ৰমণ হোৱা দুজন ব্যক্তিক দিব পাৰি৷ ৰচ আৰ চিপ্‌লাই প্ৰকাশ কৰা অনুসৰি, এই ঔষধৰ প্ৰথমটো খেপ ইতিমধ্যে ভাৰতলৈ আহিছে৷ দ্বিতীয়তো খেপ ১৫ জুনৰ ভিতৰত ভাৰতলৈ আহিব৷ জুনলৈকে প্ৰায় এক লাখ পেকেট ভাৰতলৈ আহিব আৰু ইয়াৰে প্ৰায় দুই লাখ লোকক চিকিৎসা কৰিব পৰা যাব৷ উল্লেখ্য যে চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন, চমুকৈ চি ডি এছ চি অ’-এ কেইদিনমানৰ আগতে এই ঔষধৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিছিল৷ গুৰগাঁৱৰ মেদান্তা মেডিচিটি হাস্পতালৰ ডাঃ নৰেশ ত্ৰেহানে কয় যে এই ঔষধ ব্যৱহাৰ কৰা ৭০% ৰোগীয়ে চিকিৎসালয়লৈ যাব লগা নহয়৷ তেওঁ লগতে কয় যে এই ঔষধৰ কাৰ্যকাৰিতাৰ হাৰ হ’ল ৭০% আৰু মৃত্যুৰ হাৰ ৮০% পৰ্যন্ত হ্ৰাস কৰে৷ তেওঁৰ মতে, শিশুৱেও এই ঔষধ ল’ব পাৰে৷ এই ঔষধ কৰ’নাৰ সংক্ৰমণ হোৱাৰ ৪৮-৭২ ঘণ্টাৰ ভিতৰত ল’ব পাৰি৷ এই ঔষধ লোৱাৰ বাবে ২০-৩০ মিনিট সময়ৰ প্ৰয়োজন৷ ইয়াৰ পাছত প্ৰায় এঘণ্টা নিৰীক্ষণত ৰখা হয়৷ আনহাতে কভিড এণ্টিবডি ককটেইল দিয়া ৰোগীক অক্সিজেন দিয়াৰো প্ৰয়োজন নহয়৷ এই ঔষধ দিয়াৰ পাছত ৰোগীৰ সংক্ৰমণৰ লক্ষণ চাৰি দিনৰ ভিতৰত হ্ৰাস কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here