সুখবৰ : ভাৰতত দৈনিক কৰ’নাৰ সংক্ৰমণ হ্ৰাস

0
1103

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টোঢৌ শাম কটাৰ ধাৰা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত দেশখনত নতুনকৈ ২,১১,২৯৮জন লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৮৪৭জন লোকৰ মৃত্যু ঘটে৷ ইয়াকে ধৰি কভিডত আক্ৰান্ত লোকৰ মুঠ সংখ্যা ২ কোটি ৭৪ লাখলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৩ লাখ ১৫ হাজাৰলৈ বৃদ্ধি পায়৷ দৈনিক সংক্ৰমণৰ হাৰ যোৱা ২৫ মে’ত আছিল ৯.৪২ শতাংশ৷ বিগত ২৪ ঘণ্টাত দেশখনত ২২ লাখ লোকৰ কভিড পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয় আৰু এদিনতে ইমান বেছি নমুনা সংগ্ৰহ এয়াই সৰ্বাধিক৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ উল্লেখ্য যে যোৱা ২৪ দিনৰ ভিতৰত প্ৰথমবাৰৰ বাবে দেশত দুই লাখতকৈ কম লোকৰ কভিড সংক্ৰমণ হৈছিল আৰু যোৱা ২১ দিনৰ ভিতৰত আটাইতকৈ কমসংখ্যক লোকৰ মৃত্যু হৈছিল৷ আনহাতে একেৰাহে ১৩ দিনৰ বাবে যোৱা ২৫ মে’ত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা সংক্ৰমিত লোকৰ সংখ্যাতকৈ বেছি আছিল৷ বিগত ২৪ ঘণ্টাত ২.৪৩ লাখ লোকে আৰোগ্য লাভ কৰে৷ এই আৰোগ্য লাভৰ হাৰ ৮৯.৬৬ শতাংশলৈ বৃদ্ধি পায়৷ দ্বিতীয়টো ঢৌ শাম কটাৰ চিন দেখিবলৈ পোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক টিকাকৰণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here