সুখবৰ :দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ২৮ লাখলৈ হ্ৰাস

0
906

ভাৰতৰ কভিড পৰিস্থিতি ক্ৰমাৎ ভাললৈ অহাৰ লক্ষণ দেখা গৈছে৷ কিন্তু দ্বিতীয়টো ঢৌত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈ আছে৷ যোৱা ২৪ মে’ত দেশখনত ২,২২,৩১৫জন লোকৰ নতুনকৈ কভিড-১৯ৰ সংক্ৰমণ হয় আৰু ৪,৪৫৪জন লোকৰ মৃত্যু হয়৷ আনহাতে এই সময়ছোৱাত ৩ লাখ ৩ হাজাৰ ৰোগীয়ে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰে৷ দেশত একেৰাহে দশম দিনৰ বাবে সংক্ৰমিত লোকৰ সংখ্যাতকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বেছি হয়৷ বৰ্তমান দেশত আৰোগ্য লাভৰ হাৰ ৮৮.৬৯ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে সংক্ৰমণৰ হাৰ ১০.১৭% লৈ হ্ৰাস পাইছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে দেশখনত এইপৰ্যন্ত ২ কোটি ৩৪ লাখ লোকে কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ আনহাতে দেশত এইপৰ্যন্ত মৃত্যু হোৱা ৪,৪৫৪জন লোককে ধৰি এইপৰ্যন্ত মৃত্যু হৈছে ৩,০৩,৭৫১জন লোকৰ৷ বৰ্তমান দেশখনত সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ২৬,৭৫,২৪৪৭৷ উল্লেখ্য যে সংক্ৰমণ ক্ৰমাৎ কমিছে যদিও মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িছে৷ এই মাহত এইপৰ্যন্ত ৯০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে৷ এপ্ৰিলত মৃত্যু হৈছিল ৪৫ হাজাৰৰো অধিক লোকৰ৷ যোৱা মাৰ্চত ৫,৪১৭জন, ফেব্ৰুৱাৰীত ২,৭৭৭জন আৰু জানুৱাৰীত ৫,৫৩৬জনৰ মৃত্যু হৈছিল৷ নতুনকৈ সংক্ৰমণ হোৱা লোকসকলৰ ভিতৰত প্ৰায় ৭৮ শতাংশ ১০খন ৰাজ্যৰ৷ সেই ৰাজ্যকেইখন ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছট্টিশগড়, দিল্লী, তামিলনাডু, উত্তৰ প্ৰদেশ, পঞ্জাব, মধ্য প্ৰদেশ, গুজৰাট আৰু কেৰালা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here