সুখবৰ : কৰ’নাৰ পৰীক্ষা ঘৰতেই কেতিয়াৰ পৰা?

0
830


ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছত এতিয়া ঘৰতে কৰ’নাৰ সংক্ৰমণৰ পৰীক্ষা কৰিব পৰা যাব৷ আই চি এম আৰে ইয়াৰ বাবে এটা ৰেপিড এণ্টিজেন টেষ্ট কিটৰ অনুমোদন জনাইছে৷ কৰ’নাৰ পৰীক্ষাৰ এই সঁজুলি তৈয়াৰ কৰিছে পুনেৰ কোম্পানী মাইলেব ডিছক’ভাৰী ছলিউশ্যনে৷ এই টেষ্ট কিটৰ সহায়ত ঘৰত মাত্ৰ দুই মিনিটৰ ভিতৰত কৰ’নাৰ সংক্ৰমণৰ পৰীক্ষা কৰিব পৰা যাব আৰু ১৫ মিনিটৰ ভিতৰত ইয়াৰ ফল লাভ কৰিব৷ এই টেষ্টিং কিটৰ দাম ২৫০ টকা ৰখা হৈছে৷ মাইলেবে তৈয়াৰ কৰা এই কিটত নাকৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিব পাৰি৷ কোম্পানীটোৰ প্ৰতিষ্ঠাপক সুজিত জৈনে কয় যে ঘৰতে বা নিজে কৰ’নাৰ টেষ্টিং কৰিব পৰা কিটৰ অনুমোদন লাভ কৰা মাইলেব দেশৰ প্ৰথমটো কোম্পানী৷ কভিছেল্‌ফ নামৰ এই টেষ্টিং কিট অচিৰেই বজাৰলৈ আহিব৷ তেওঁ জনোৱা মতে দেশৰ প্ৰায় ৭.৫ লাখ ফাৰ্মাচী ষ্ট’ৰত অনলাইন আৰু সকলো ই-কমাৰ্চ ৱেবছাইটত অনলাইনযোগে ক্ৰয় কৰিব পৰা যাব৷ এই কিট ব্যৱহাৰৰ বাবে মাইলেব কভিছেল্‌ফ এপ গুগ্‌ল প্লে আৰা এপ্পল ষ্ট’ৰৰ পৰা ডাউনল’ড কৰিব লাগিব৷ এপ খোলাৰ পাছত এখন ফৰ্ম ওলাব, এই ফৰ্মখন ভৰ্তি কৰাৰ পাছত ই পৰীক্ষাৰ বাবে সাজু হৈ পৰিব৷ হাত ধোৱা আৰু ছেনিটাইজ কৰাৰ পাছত কিটৰ পৰা উলিওৱা সঁজুলি পৰিষ্কাৰ স্থানত ৰাখিব লাগিব৷ প্ৰথমে বাফাৰ টিউব খুলিব লাগিব৷ কিটৰ সৈতে পোৱা নেজেল স্বাব ষ্টিকৰ সহায়ত নাকৰ ২-৩ চেণ্টিমিটাৰ ভিতৰৰ পৰা নমুনা সংগ্ৰহ কৰিব লাগিব৷ ইয়াৰ পাছত নমুনা বাফাৰ টিউবত দি হেঁচা মাৰি দহবাৰ জোকাৰিব লাগিব৷ তাৰ পাছত ষ্টিকডাল ভাঙি পেলাব লাগিব৷ তাৰ পাছত টিউব ছীল কৰি টেষ্টিং কেছেটত দুটোপাল ঢালিব লাগিব৷ তাৰ পাছত পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ তাৰ পাছত প্ৰথমে চি লাইন ওলাব আৰু পৰীক্ষা সঠিকভাৱে হোৱাটোক বুজাব৷ তাৰ পাছত যদি ইংৰাজী বৰ্ণমালাৰ টি লাইন আহে, বা দুয়োটা লাইন আহে তেতিয়া সংশ্লিষ্ট ব্যক্তিজনৰ সংক্ৰমণ হোৱাটো নিশ্চিত হ’ব৷ যদিহে ১৫ মিনিটলৈকে টি লাইন নাহে, তেতিয়া সংশ্লিষ্ট ব্যক্তিজন নিগেটিভ বুলি ধৰা হ’ব৷ ইয়াৰ ফটো আই চি এম আৰৰ ৱেবছাইটত দিলে পৰীক্ষাৰ প্ৰতিবেদন পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here