সুখবৰ : অতিৰিক্ত ১ লাখ কভিশ্বিল্ড লাভ কৰিছে অসমে

0
1141

১৫০০টা ৰে’লৰ দবাক কভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আগবঢ়াইছে,য’ত অক্সিজেন চিলিণ্ডাৰ একেলগে সংযুক্ত হৈ থকাৰ ব্যৱস্থা কৰা হৈছে৷

সমগ্ৰ দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৰ ফলত জনসাধাৰণে দিক্‌বিদিক হেৰুৱাই পেলাইছে৷ ইয়াৰ পৰা সাৰি যোৱা নাই অসমো৷ গুৱাহাটী মহানগৰীতো পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰণৰ বাহিৰ পাইছেগৈ৷ যি সময়ত কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ ফলত এতিয়া হাস্পতালসমূহত বিছনাৰ নাটনি হ’বলৈ ধৰিছে, তেনে সময়তে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই এতিয়া জনসাধাৰণৰ মাজলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ 

যোৱা ৫ মে’ত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী ৰে’ল ষ্টেচন পৰিদৰ্শন কৰি জনায় যে অসমৰ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰ্যালয়ে গুৱাহাটী, লামডিং, বদৰপুৰ, বঙাইগাঁও আৰু তিনিচুকীয়াত ১৫০০টা ৰে’লৰ দবাক কভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আগবঢ়াইছে৷ য’ত অক্সিজেন চিলিণ্ডাৰ একেলগে সংযুক্ত হৈ থকাৰ ব্যৱস্থা কৰা হৈছে৷ অসমৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰী পীয়ুচ গোৱেলক টুইটযোগে কৃতজ্ঞতা প্ৰকাশ কৰে৷

লগতে মন্ত্ৰীগৰাকীয়ে জনাবলৈ পাই সুখী হয় যে ইতিমধ্যে ছিৰাম ইন্‌ষ্টিটিউটৰ পৰা অসমে অতিৰিক্ত এক লাখ কভিশ্বিল্ড লাভ কৰে, যাৰ দ্বাৰা প্ৰায় ৩,২৫,৪৭০ গৰাকী লোকক এই ভেক্‌চিন প্ৰদান কৰিব পৰা যাব৷ উল্লেখ্য যে সম্প্ৰতি অসমত এতিয়ালৈকে ২,৭৭,৬৮৭ গৰাকী লোক কভিডত আক্ৰান্ত হৈছে, য’ৰ পৰা ২,৪২,৯৮০ গৰাকীয়ে আৰোগ্য লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here