সাৱধান ! ২০-২১ মে’ত দ্বিতীয় পৰ্যায়ৰ ঢৌৱে অসমত চূড়ান্ত ৰূপ ল’ব

0
2006
	কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ অসমৰ উপৰি তামিলনাডু আৰু পঞ্জাবত অহা দুসপ্তাহৰ ভিতৰত চূড়ান্ত পৰ্যায়ত উপনীত হ’ব৷ সূত্ৰ মডেলৰ ভিত্তিত বিশেষজ্ঞই এই দাবী কৰিছে৷ এই মডেলৰ পৰা তথ্যৰ ভিত্তিত লগতে কোৱা হৈছে যে দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, গুজৰাট, ছট্টিশগড় আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত দ্বিতীয়টো ঢৌৰ চূড়ান্ত পৰ্যায় অতিক্ৰম কৰিছে৷ ইয়াত লগতে কোৱা হয় যে ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ যোৱা ৪ মে’ত চৰম পৰ্যায়ত উপনীত হয়৷ অৱশ্যে যোৱা সাত মে’ত ভাৰতত সৰ্বাধিক ৪,১৪,১৮৮জন লোক আক্ৰান্ত হৈ অভিলেখৰ সৃষ্টি কৰে৷ এই মডেলক ভিত্তি কৰি আই আই টি হায়দৰাবাদৰ অধ্যাপক এম বিদ্যাসাগৰে কয় যে তামিলনাডু, পঞ্জাব, হিমাচল প্ৰদেশ আৰু অসমৰ দৰে ডাঙৰ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ এতিয়াও চূড়ান্ত পৰ্যায়ত উপনীত হোৱা নাই৷ এই মডেলৰ ভিত্তিত তামিলনাডুত ২৯–৩১ মে’ত, পুডুচেৰীত ১৯-২০ মে’ত সংক্ৰমণে চূড়ান্ত ৰূপ ল’ব বুলি কোৱা হৈছে৷ অসমত ২০-২১ মে’ত দ্বিতীয় পৰ্যায়ৰ ঢৌ চূড়ান্ত পৰ্যায়ত উপনীত হ’ব বুলি কোৱা হৈছে৷ উল্লেখ্য যে অসমত যোৱা ১৮ মে’ত এদিনত সৰ্বাধিক ৬,৩৯৪জন লোকৰ সংক্ৰমণ হৈছিল৷ যোৱা ১৭ মে’ত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ ৯২জন লোকৰ মৃত্যু হৈছিল আৰু ই আছিল এইপৰ্যন্ত এদিনত সৰ্বাধিকসংখ্যকৰ কৰ'না আক্ৰান্ত লোকৰ মৃত্যু৷ আনহাতে উক্ত মডেলৰ ভিত্তিত মেঘালয়ত ৩০-৩১ মে’ত, ত্ৰিপুৰাত ২৬-২৭ মে’ত কৰ'না সংক্ৰমণে চূড়ান্ত ৰূপ ল’ব বুলি আশংকা কৰা হৈছে ৷ উল্লেখ্য যে যোৱা বছৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ ভৱিষ্যদ্বাণী কৰাৰ বাবে এটা গাণিতিক মডেল তৈয়াৰ কৰিবলৈ এটা গোট গঠন কৰি দিছিল৷ আৰু এই গোটটোৱেই সূত্ৰ মডেল তৈয়াৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here