সাৱধান! হঠাৎ ভৰিৰ বিষ বা জিনজিননি ধৰিছে নেকি?

0
1490
কোনো কাৰণ নোহোৱাকৈ হঠাৎ ভৰিৰ বিষ হোৱা, শৰীৰৰ অংগসমূহ জিনজিনোৱা, ভাগৰ লগা নাইবা বৈদ্যুতিক শ্বক লগাৰ দৰে অনুভৱ হোৱা তেনে কোনো লক্ষণ আপোনাৰ শৰীৰত দেখা দিছে নেকি? তেন্তে ই হ’ব পাৰে ভিটামিন-B12-ৰ অভাৱৰ লক্ষণ৷

আমাৰ শৰীৰটো স্বাস্থ্যৱান তথা ৰোগমুক্ত হৈ থাকিবলৈ বিভিন্ন ধৰণৰ ভিটামিন, খনিজ পদাৰ্থ, প্ৰ’টিন আদিৰ প্ৰয়োজন হয়৷ ভিটামিন-B12 হৈছে তেনে এবিধ দৰকাৰী উপাদান৷ দীৰ্ঘদিন ধৰি শৰীৰত ভিটামিন-B12ৰ অভাৱ হ’লে বিভিন্ন ধৰণৰ স্নায়ৱিক সমস্যা হ’ব পাৰে৷ ফলস্বৰূপে হাত-ভৰি তথা শৰীৰৰ ভাৰসাম্য অটুট ৰখাত অসুবিধা হয়৷

Tingling - Oakleigh Osteopath explains why we feel numbness and tingling


শৰীৰত ভিটামিন-B12ৰ অভাৱ হ’লে পাহৰি যোৱাৰ প্ৰৱণতা, দুৰ্বলতা, মূৰ ঘূৰণি, দুশ্চিন্তা, বিষণ্ণতা আদি সমস্যাসমূহে দেখা দিয়ে৷ ইয়াৰ লগতে ৰক্তহীনতাও হ’ব পাৰে৷ এনে অৱস্থাত ৰক্তহীনতাত ভোগা ৰোগী দুৰ্বল হৈ পৰে, অলপ পৰিশ্ৰম কৰিলেই হাফিয়াব ধৰে, পাকস্থলীৰ সমস্যা, কোষ্ঠকাঠিন্য আদি বিভিন্ন সমস্যাই ৰোগীগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰাত অৰিহণা যোগায়৷

How To Stop Shaking When You're Nervous - YouTube


ইয়াৰ পৰা হাত সৰাৰ বাবে ভিটামিন-B12যুক্ত খাদ্যসমূহ প্ৰচুৰ পৰিমাণে খাব লাগে৷ অকল যে শাক-পাচলি, ফল-মূলতে ভিটামিন পোৱা যায়, তেনে নহয়৷ প্ৰাণীজ উৎসসমূহতো ভিটামিন-B12 পোৱা যায়৷ মাছ, মাংস, কণী, দুগ্ধজাত সামগ্ৰী আদিত প্ৰচুৰ পৰিমাণে ভিটামিন-B12 থাকে৷

Vitamin B12 deficiency can be sneaky, harmful - Harvard Health | Vitamin b12 benefits, Vitamin a foods, Vitamin b12 foods


সাধাৰণতে নিৰামিষভোজী ব্যক্তিসকলৰ শৰীৰত ভিটামিন-B12ৰ অভাৱৰ সম্ভাৱনা অধিক৷ সেয়েহে নিয়মিত সেউজীয়া শাক-পাচলি, ফল-মূল, মাছ, মাংস তথা ভিটামিন-B12 যুক্ত আহাৰসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি এনেকুৱা সমস্যাৰ পৰা হাত সাৰি থাকোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here