সাৱধান হওক: ৰাজ্যত যোৱা ১০ মে’ত সৰ্বাধিকসংখ্যক ৭৭জন কৰ’না ৰোগীৰ মৃত্যু

0
791

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমকো কৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌৱে একপ্ৰকাৰ বিধবস্ত কৰি পেলাইছে৷ অসমত কৰ’নাৰ শেহতীয়া পৰিস্থিতি অতি উদ্বেগজনক৷ প্ৰতিদিনে কৰ’নাৰ সংক্ৰমণে হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে৷ একেদৰে বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যাও৷ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৭৭জন লোকৰ কভিডত আক্ৰান্ত হৈ মৃত্যু হয়৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৩০জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ৷ একেদৰে ডিব্ৰুগড় জিলাৰ ১০জন, বঙাইগাঁৱৰ ৪, গোলাঘাটৰ ৩, হোজাইৰ ২, ওদালগুৰিৰ ২, দৰঙৰ ১, শিৱসাগৰৰ ৩, নলবাৰীৰ ৩, তিনিচুকীয়া ২, ধুবুৰী, শোণিতপুৰ, যোৰহাট আৰু কৰিমগঞ্জত এজনকৈ লোকৰ কভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে৷ ইয়াৰ লগে লগে ৰাজ্যখনত এইপৰ্যন্ত কভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৭৫৩গৰাকীলৈ৷ অৱশ্যে এতিয়ালৈকে ৪২৩১ জন লোকে আৰোগ্য লাভ কৰিছে৷ সেয়েহে জনসাধাৰণ আগতকৈও অধিক সজাগ আৰু সাৱধান হ’বৰ হ’ল৷ মহামাৰী কৰ’নাৰ কৰাল গ্ৰাসৰ পৰা বাচিবলৈ আৰু কভিড-১৯ৰ  পৰা সুৰক্ষিত হৈ থাকিবলৈ কভিডৰ সকলো প্ৰট’কল আখৰে আখৰে পালন কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here