সাৱধান! শুই থাকোঁতে অত্যধিক ঘামি যায় নেকি? ই হ’ব পাৰে কেঞ্চাৰৰ লক্ষণ

0
2063

আমাৰ সকলোৰে গৰমৰ দিনত ৰাতি শুই থাকোঁতে ঘামি লুতুৰি-পুতুৰি হৈ থকাৰ অভিজ্ঞতা আছে৷ নাইবা কেতিয়াবা স্ত্ৰেচ, নিম্ন ৰক্তচাপ, গৰ্ভাৱস্থা বা বেয়া সপোন দেখি ঘামি গৈ সাৰ পোৱাৰ অভিজ্ঞতা আছে৷কিন্তু এইবোৰ কাৰণৰ উপৰি আপুনি কেতিয়াবা ৰাতি শুই থকাৰ মাজতে অত্যধিক ঘামি যায় নেকি? তেন্তে সাৱধান৷ ই হ’ব পাৰে কেঞ্চাৰৰ লক্ষণ৷ বিশেষজ্ঞৰ মতে, ৰাতি ঘামি যোৱাৰ লক্ষণ কেঞ্চাৰৰ বাবে হ’ব পাৰে নাইবা কেঞ্চাৰ ট্ৰিটমেণ্টৰ পাশ্বৰ্ক্ৰিয়াৰ ফলত হ’ব পাৰে৷Cardiothoracic survey specialist ৰ মতে এনেকুৱা কেইবা প্ৰকাৰৰ কৰ্কট ৰোগ আছে, যাৰ প্ৰথম লক্ষণ হৈছে ৰাতি ঘামি যোৱা৷ তাৰ ভিতৰত Leukemia, Lymphoma, Carcinoid tumor, Liver cancer, Bone cancer আদিয়েই প্ৰধান৷

(১) বিশেষজ্ঞৰ মতে Lymphoma কেঞ্চাৰত Lymphomaৰ কোষসমূহে কিছুমান কেমিকেল উৎপন্ন কৰে, যিয়ে আপোনাৰ শৰীৰৰ তাপমাত্ৰা বৃদ্ধি কৰে।যাৰ বাবে আপুনি ৰাতি ঘামি যায়৷


(২) Leukemia কেঞ্চাৰত শৰীৰে উৎপন্ন কৰা ইমিউন কোষৰ পৰিমাণ সীমাবদ্ধ হয়৷ ইয়াৰ ফলত অধিক ইনফেকশ্যন হয়৷ যেতিয়া আপোনাৰ শৰীৰে ইনফেকশ্যনৰ বিৰুদ্ধে অধিক যুদ্ধ কৰিবলগীয়া হয়, তেতিয়া আপোনাৰ শৰীৰৰ উষ্ণতাৰ পৰিমাণ আপোনা আপুনি বৃদ্ধি পায় আৰু আপুনি ঘামিবলৈ ধৰে৷


(৩) ঠিক তেনেকৈ লিভাৰৰ কেঞ্চাৰত ডাঙৰ লিভাৰৰ টিউমাৰে তেজৰ শৰ্কৰা ব্যৱহাৰ কৰে৷ যাৰ ফলত শৰীৰত শৰ্কৰাৰ পৰিমাণ কমি যায়৷ যেতিয়া আপোনাৰ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ কমি যায়, তেতিয়া আপোনাৰ শৰীৰে অধিক আড্ৰনেইলিন উৎপন্ন কৰে, যাৰ ফলত শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হৈ ঘামিবলৈ ধৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here