সাৱধান ! মহানগৰত ৬০-ৰ ঊধ্বৰ্ৰ ব্যক্তিৰ মৃত্যু সৰ্বাধিক

0
1392

ৰাজ্যৰ বিভিন্ন ঠাইত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা কিছু নিয়ন্ত্ৰণ হ’লেও মৃতকৰ সংখ্যা কমা নাই৷ যাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে উদ্বেগ প্ৰকাশ কৰি কভিড পৰীক্ষাৰ হাৰ বঢ়াই তুলিছে৷ বিশেষকৈ, গুৱাহাটী মহানগৰত কভিড-১৯ত মৃত্যু হোৱাসকলৰ ভিতৰত সৰ্বাধিক হৈছে ৬০ বছৰৰ ঊধবৰ্ৰ ব্যক্তি৷ ৰাজ্যিক স্বাস্থ্য বিভাগৰ ১ এপ্ৰিলৰ পৰা ২৬ মে’লৈ স্বাস্থ্য বিভাগৰ পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে৷ যাৰ বাবে এই পৰিসংখ্যাৰ পৰিপ্ৰেক্ষিতত ৫০ বছৰৰ ঊধবৰ্ৰ ৰোগীৰ চিকিৎসালয়ত ভৰ্তি কৰা আৰু  কভিড ৰোগীৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিৰ পৰীক্ষা কৰা বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ ইফালে কামৰূপ মহানগৰ জিলাৰ সকলো জ’নৰ ভিতৰত সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত সংক্ৰমণৰ হাৰ সৰ্বাধিক ৭.৪৭ শতাংশ পোৱা গৈছে৷ সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণৰ বাবে কণ্টেক্ট ট্ৰেচিং কোনো সুৰুঙা নথকাকৈ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে ৰোগীৰ সংস্পৰ্শলৈ অহা কোনো ব্যক্তি পৰীক্ষাৰ পৰা বাদ পৰি নাযায়৷ ইফালে গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহ যাতে পৰীক্ষা আৰু টিকাকৰণৰ পৰা বাদ পৰি নাযায় তাৰ বাবে বিশেষ সতৰ্ক হ’বলৈ নিৰ্দেশ দিছে প্ৰশাসনে৷ উল্লেখ্য যে কামৰূপ মহানগৰ জিলাখনৰ ৫টা জ’নৰ ভিতৰত ৱেষ্ট জ’নে নিজ এলেকাত সৰ্বাধিক লোকৰ পৰীক্ষা কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here