সাৱধান ! ভিয়েটনামত কৰ’নাৰ নতুন ভেৰিয়েণ্ট

0
881

এই ভেৰিয়েণ্টৰ ব্ৰিটেইন আৰু ভাৰতত পোৱা কৰ’নাৰ ভেৰিয়েণ্ট বি.১.৬১৭ৰ সৈতে সাদৃশ্য আছে বুলি কোৱা হৈছে৷

সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে শেহতীয়াকৈ ভিয়েটনামত কৰ’নাৰ এটা নতুন ভেৰিয়েণ্ট পোৱা গৈছে৷ কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট বতাহত দ্ৰুতগতিত বিয়পে৷ দেশখনৰ স্বাস্থ্য মন্ত্ৰী গুৱেন থান্‌ লঙে এই কথা প্ৰকাশ কৰিছে৷ এই ভেৰিয়েণ্টৰ ব্ৰিটেইন আৰু ভাৰতত পোৱা কৰ’নাৰ ভেৰিয়েণ্ট বি.১.৬১৭ৰ সৈতে সাদৃশ্য আছে বুলি কোৱা হৈছে৷ দেশত শেহতীয়াকৈ সংক্ৰমণ হোৱা ৰোগীৰ শৰীৰত পোৱা ভাইৰাছৰ জেনেটিক অধ্যয়ন কৰাৰ পাছত এই তথ্য পোহৰলৈ আহে৷ উল্লেখ্য যে কৰ’নাৰ নতুন ভেৰিয়েণ্টে ব্ৰিটেইনৰ উপৰি ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাত তাণ্ডৱৰ সৃষ্টি কৰিছে৷ ভিয়েটনামত শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি পোৱাৰ আঁৰত এই নতুন ভেৰিয়েণ্ট বুলি কোৱা হৈছে৷ উল্লেখ্য যে দেশখনত ইয়াৰ আগলৈকে সাতটা ভেৰিয়েণ্টৰ সংক্ৰমণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here