সাৱধান! বজাৰৰ ফল-মূলত অত্যধিক কেলচিয়াম কাৰ্বাইড

0
523
এতিয়া গৰমৰ বতৰ৷ গৰমৰ বতৰত বজাৰত ফলৰ অত্যধিক চাহিদা বৃদ্ধি পায়৷ কিন্তু বজাৰৰ ফল-মূল খাওঁতে সাৱধান হওক৷ কাৰণ বজাৰত অসাধু বেপাৰীয়ে সকলোধৰণৰ ফল যেনে– কল, আম আদি পকাবলৈ অত্যধিক ব্যৱহাৰ কৰে কেলচিয়াম কাৰ্বাইড৷ বিশেষকৈ ব্যৱসায়িক স্বাৰ্থত কেঁচা ফল ৰাতিটোৰ ভিতৰতে পকাবলৈ, ফল সোনকালে বেয়া নহ’বলৈ আৰু ৰঙৰ আকৰ্ষণীয়তাৰ বাবে একাংশ অসাধু ব্যৱসায়ী চক্ৰই বিষাক্ত ৰাসায়নিক দ্ৰব্য সংমিশ্ৰণ কৰি বজাৰত বিক্ৰী কৰিছে৷ 
Fruits Stall | Fruit stall, Local fruit, Fruit

তেনেদৰে বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন ধৰণৰ ফলতো থাকে বিষাক্ত ৰাসায়নিক দ্ৰব্য৷ ফলসমূহ সোনকালে বেয়া নহ’বলৈ ফলৰ পেকেজিং কৰা উদ্যোগতো ফলসমূহত বিষাক্ত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰে৷ বজাৰত সোমালেই সতেজ-উজ্জ্বল জিলিকি থকা ফল-মূলত সাধাৰণতে কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পকাই আকৰ্ষণীয় কৰি ৰখা হয়৷

Naturally Vs Chemically Ripened Bananas | केले की पहचान कैसे करें ? - YouTube

বজাৰত পোৱা বিভিন্ন ধৰণৰ কলত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি ব্যৱসায়ীয়ে এটা নিশাৰ ভিতৰতে পকাই পেলোৱাৰ লগতে কলবোৰ সতেজ দেখাবলৈ কিছুমান মাৰাত্মক দ্ৰব্য ব্যৱহাৰ কৰে৷ বজাৰত পোৱা অধিকাংশ ফলতে ব্যৱহাৰ কৰা হয় কেলচিয়াম কাৰ্বাইড৷ ইয়াৰ ফলত দেহত উপকাৰ হোৱাৰ বিপৰীতে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে৷ এনেদৰে ভেজাল ফলে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ লগতে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ যাৰ ফলস্বৰূপে নানা বেমাৰত ভোগাও পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here