সাৱধান ! দেশত এইবাৰ নতুন সন্ত্ৰাস– হোৱাইট ফাংগাছ

0
1038

হোৱাইট ফাংগাছত আক্ৰান্ত হোৱা ৪ জন ৰোগীক চিনাক্ত কৰা হৈছে৷

বৰ্তমান সময়ত দেশ ঘোৰ সংকট কালত৷ চাৰিওফালে কেৱল সংকট– আৰু সংকট৷ এটাৰ পাছত আন এটা মহামাৰীয়ে দেশৰ জনসাধাৰণক ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ কভিড-১৯-এ সমগ্ৰ ভাৰতবৰ্ষজুৰি আতংকগ্ৰস্ত কৰাৰ সময়তে ব্লেক ফাংগাছৰ সংক্ৰমণে ক্ৰমে সন্ত্ৰসিত কৰি তুলিছে৷ ইয়াৰ পাছতেই এইবাৰ আকৌ মহামাৰীৰ আন এক নতুন ৰূপ হোৱাইট ফাংগাছৰ উপস্থিতি ধৰা পৰিছে বিহাৰত৷ ব্লেক ফাংগাছক লৈ ত্ৰাসৰ সৃষ্টি হোৱাৰ সময়তে বিহাৰত হোৱাইট ফাংগাছত আক্ৰান্ত হোৱা ৪ জন ৰোগীক চিনাক্ত কৰা হৈছে৷ আক্ৰান্ত ব্যক্তিকেইজনৰ দেহত হোৱাইট ফাংগাছৰ সম্পূৰ্ণ লক্ষণ ধৰা পৰিছে৷ পাটনা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাইক্ৰ’বায়’লজিৰ মুৰব্বী ডাঃ এছ এন সিঙে প্ৰকাশ কৰা মতে, কৰ’না ভাইৰাছৰ লেখীয়া উপসৰ্গত ভোগা চাৰিজন ৰোগীৰ দেহত হোৱাইট ফাংগাছৰ সংক্ৰমণ ধৰা পৰিছে৷ মন কৰিবলগীয়া যে এই ৰোগীকেইজন কিন্তু কভিড-১৯ পজিটিভ নহয়৷ ডাঃ সিঙে জনোৱা মতে এই চাৰিওজন আক্ৰান্ত ৰোগীকে এণ্টি ফাংগেল মেডিচিন দিয়া হৈছে আৰু লাহে লাহে সুস্থ হোৱাৰ দিশে আগবাঢ়িছে৷ সাধাৰণতে হোৱাইট ফাংগাছ বা কেণ্ডিড’ছিছত আক্ৰান্ত হোৱা ৰোগীৰ হাঁওফাঁওত ঘাইকৈ সংক্ৰমণ হয়৷ ইয়াৰ উপৰি গাৰ ছাল, নখ, মুখৰ ভিতৰ অংশ, পাচনতন্ত্ৰ, কিডনীতো সংক্ৰমণ হয়৷ হোৱাইট ফাংগাছৰ সংক্ৰমণৰ লক্ষণ কৰ’নাৰ সংক্ৰমণৰ সৈতে প্ৰায় একেধৰণৰ৷ আনহাতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়তে দেশত ভয়াৱহ ৰূপ লোৱা ব্লেক ফাংগাছৰ সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক ব্লেক ফাংগাছৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে৷ ইয়াৰ লগতে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১৮৯৭ চনৰ মহামাৰী আইনৰ অধীনত ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিবলৈ পৰামৰ্শ দিছে৷ ব্লেক ফাংগাছৰ সংক্ৰমণ হোৱা ৰোগীৰ তথ্য কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিবলৈও লগতে কোৱা হৈছে৷ ৰাজস্থান, হাৰিয়ানা, তামিলনাডু আৰু তেলেংগানাই ইতিমধ্যে ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিছে৷ ব্লেক ফাংগাছ মহাৰাষ্ট্ৰত দেশৰ ভিতৰত সৰ্বাধিকসংখ্যক ১৫০০জন ৰোগী এই ৰোগত আক্ৰান্ত হৈছে৷ আনহাতে উত্তৰ প্ৰদেশত ২৫০, বিহাৰত ১১০, দিল্লীত ২০০, হাৰিয়ানাত প্ৰায় ২০০, মধ্য প্ৰদেশত প্ৰায় ৬০০ আৰু ছট্টিশগড়ত প্ৰায় এশজন ৰোগী ধৰা পৰিছে৷ ইফালে বিশেষজ্ঞসকলে এই বুলি মত প্ৰকাশ কৰিছে যে ভাৰতত ব্লেক ফাংগাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ কাৰণ হ’ব পাৰে দূষিত অক্সিজেন আৰু ইয়াত ব্যৱহাৰ কৰা পানী৷ 

মুঠতে, এটাৰ পাছত অইন এটা মহামাৰীয়ে দেশৰ জনসাধাৰণক কঁকাল পোণাব নোৱৰা অৱস্থাৰ সৃষ্টি কৰিছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোৱে অধিক সজাগ আৰু সতৰ্ক হ’ব লাগিব৷ প্ৰতিটো ক্ষেত্ৰতে অধিক পৰিমাণে সাৱধানতা অৱলম্বনেই এইধৰণৰ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ প্ৰধান অস্ত্ৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here