সাৱধান ! জুলাইৰ পাছত কৰ’নাৰ তৃতীয়টো ঢৌ

0
834

দেশত কৰ’নাৰ প্ৰথম আৰু দ্বিতীয়টো ঢৌৱে হাহাকাৰৰ সৃষ্টি কৰাৰ পাছত এতিয়া বিশেষজ্ঞসকলে তৃতীয়টো ঢৌক লৈ সতৰ্ক কৰি দিছে৷ আই আই টি, দিল্লী আৰু আই আই টি, কানপুৰে জুলাইৰ পাছত দেশত কৰ’নাৰ তৃতীয়টো ঢৌ হ’ব বুলি সতৰ্ক কৰি দিছে৷ লগতে এই কথাও কোৱা হৈছে যে তৃতীয়টো ঢৌত দ্বিতীয়টো ঢৌৰ তুলনাত ৩০%–৬০% অধিক লোকৰ সংক্ৰমণ হ’ব৷ সেয়েহে ইয়াৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি চলাবলৈ কোৱা হৈছে৷ তৃতীয়টো ঢৌৰ সময়ত দেশত প্ৰয়োজন হ’ব পৰা চিকিৎসা সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে৷ ইয়াত ৪৭বিধ সামগ্ৰীৰ নাম উল্লেখ কৰা হৈছে৷ এছ’চিয়েশ্যন অব্‌ ইণ্ডিয়ান মেডিকেল ডিভাইছ ইণ্ডাষ্ট্ৰী, চমুকৈ এ আই এম ই ডি ফ’ৰামৰ কো-অৰ্ডিনেটৰ ৰাজীৱ নাথে কয় যে কৰ’নাৰ সংক্ৰমণৰ সময়ত সকলোকে মাস্ক, ছেনিটাইজাৰ, অক্সিজেন, পি পি ই কিটসহ এক ডজনতকৈ কম সামগ্ৰীৰ প্ৰয়োজন হয়৷ কিন্তু কৰ’নাৰ ৰোগীৰ চিকিৎসাত ৪৭বিধতকৈ অধিক সামগ্ৰীৰ প্ৰয়োজন হয়৷ দ্বিতীয়টো ঢৌৰ সময়ত নাটনি হোৱাৰ পাছত এতিয়া তৃতীয়টো ঢৌৰ সময়ত যাতে ইয়াৰ নাটনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই তালিকা তৈয়াৰ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here