সাৱধান! কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিল শীতলীকৃত খাদ্য সামগ্ৰীত

0
1586

মহামাৰী কৰ’না ভাইৰাছে আজি গোটেই বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছে। এই ভাইৰাছৰ উৎপত্তিস্থল চীন দেশৰ য়ুহান প্রদেশত। তাৰ পৰাই গোটেই বিশ্বতে সেই মহামাৰীয়ে বিস্তৃতি লাভ কৰিছে। সাধাৰণতে কৰ’না ভাইৰাছ কেনেকৈ আৰু কিদৰে সংক্রমন হয় তাক লৈ বিভিন্ন দেশৰ বিজ্ঞানীয়ে নানা পৰীক্ষা-নিৰীক্ষা কৰি আছে যদিও সেই বিষয়ে কিন্তু বিশ্বৰ বিজ্ঞানীসকলে আজিও ইয়াৰ সত্যাসত্য ব্যাখ্যা নিৰ্ণয় কৰিব পৰা নাই।শেহতীয়াকৈ চীন দেশত শীতলীকৃত খাদ্য সামগ্রীৰ পেকেটত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়ে গোটেই বিশ্বৰ জনসাধাৰণক সন্ত্রস্ত কৰি তুলিছে। লগতে বহুদিনলৈ নষ্ট নোহোৱাকৈ ফ্রিজ বা আন শীতলীকৰণ যন্ত্রত ৰখা খাদ্যসামগ্রীৰ গ্রহণযোগ্যতাতো প্ৰশ্ন উত্থাপন হৈছে। চীনৰ কুইনদাউ চহৰৰ এখন বিপণীত শীতলীকৰণ যন্ত্রত ৰখা দৈৰ পেকেটত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। উক্ত দৈৰ পেকেট যেতিয়া পৰীক্ষা কৰা হ’ল, তেতিয়া তাত কৰ’না ভাইৰাছ ধৰা পৰে আৰু এনে শীতলীকৃত খাদ্যৰ জৰিয়তেও কৰ’না সংক্ৰমণ হোৱাৰ আশংকা প্রবল হয়। আহক আমি সাৱধান হ‌ওঁ আৰু অধিক মাত্রাত শীতলীকৃত খাদ্য গ্রহণৰ পৰা বিৰত থাকো। আপোনাৰ এই অকণমান সাৱধানতা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধত নিশ্চয় সহায়ক হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here