সাৱধান ! কৰ’নাক সহজভাৱে নল’ব || Beware, don’t take corona lightly!

0
1039
ৰাজ্যত কৰ’না মহামাৰীৰ সংহাৰ অব্যাহত আছে৷ কৰ’নাৰ দ্বিতীয় ঢৌৰ পাছত জনসাধাৰণৰ সাৱধানতা আৰু সজাগতাৰ বাবে কিছুদিন ধৰি ৰাজ্যত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সীমিত আছিল যদিও শেহতীয়াভাৱে ৰাজ্যত হৈ যোৱা উপ-নিৰ্বাচনৰ প্ৰচাৰ সভা, বিভিন্ন দুৰ্গা পূজা, উৎসৱ-পাৰ্বণ, বিদ্যালয়সমূহ খোলা আদিত জনতাৰ ভিৰ, সমাগমে ক’ভিডক যেন পুনৰ আমন্ত্ৰণহে জনালে ৰাজ্যৰ জনতাই৷ যোৱা কেইদিনত ৰাজ্যত উদ্বেগজনকভাৱে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ২৫১ গৰাকী লোকৰ দেহত ক’ভিড-১৯ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে এজনৰ মৃত্যু হৈছে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰা ৪০৬১৩টা ক’ভিড পৰীক্ষাৰ ভিতৰত ২৫১ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে৷ ইয়াৰে ভিতৰত কামৰূপ মহানগৰত সৰ্বাধিক ৮৭ গৰাকী লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ আনহাতে যোৱা ২৪ ঘণ্টাৰ ভিতৰত শোণিতপুৰ জিলাত এগৰাকী লোক কৰ’নাত মৃত্যুমুখত পৰে৷ স্বাস্থ্য বিভাগে জনোৱা মতে যোৱা ২৪ ঘণ্টাত শিৱসাগৰত ৩২, বৰপেটাত ২১, নলবাৰীত ১৫, কাছাৰত ২, বাকসাত ২, ধেমাজিত ৩, দৰঙত ৯, ধুবুৰীত ৫, যোৰহাটত ৯, হোজাইত ২, লখিমপুৰ ৮. তিনিচুকীয়াত ৩, ডিমা হাছাওত ২, কাৰ্বি আংলঙত ৩, ডিব্ৰুগড়ত ১১, শোণিতপুৰত ১২, কামৰূপত ১১, নগাঁৱত ৩, গোৱালপাৰাত ৩ আদি লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ সময় থাকোঁতে আমি প্ৰত্যেকেই সজাগ, সচেতন নহ’লে অনাগত দিনত ক’ভিডৰ তৃতীয় ঢৌ অহাটো একপ্ৰকাৰ নিশ্চিত৷ এনেদৰে কোনোধৰণৰ ক’ভিড বিধি নামানি, ৰাস্তাই-ঘাটে, বজাৰে, সমাৰে মানুহৰ জনসমাগম হ’লে ক’ভিডৰ পৰা হয়তো কোনেও ৰক্ষা নাপাব৷ সেই সময় কিন্তু অচিৰেই সমাগত৷ সেয়েহে আহক আমি প্ৰত্যেকেই ক’ভিড বিধি মানি, মুখত মাক্স পিন্ধি, সামাজিক দূৰত্ব মানি চলি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিওঁ৷ সময়ৰ আহবান এয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here