সাৱধান! কল আৰু গাখীৰ একেলগে কেতিয়াও নাখাব

0
1954

বছৰৰ পাছত বছৰ ধৰি আমি শুনি আহিছোঁ যে কল আৰু গাখীৰ আমাৰ স্বাস্থ্যৰ কাৰণে খুব উপকাৰী৷ সৰুৰ পৰা ডাঙৰলৈকে আমি সকলোৱে কল গাখীৰেৰে ভাত, চিৰা, সান্দহ আদি নানাধৰণৰ খাদ্যৰ জুতি লৈ ভাল পাওঁ৷

কিন্তু কল আৰু গাখীৰ একেলগে খোৱাটো শৰীৰৰ কাৰণে ভাল নে বেয়া– আপুনি জানেনে?

(১) বিশেষজ্ঞৰ মতে কল আৰু গাখীৰ একেলগে খোৱা স্বাস্থ্যৰ পক্ষে ভাল নহয়৷ কাৰণ দুয়োটাই একেলগে খোৱাৰ ফলত বদহজমৰ সমস্যাই দেখা দিব পাৰে৷
(২) ইয়াৰ অন্য এটা কাৰণ হ’ল গাখীৰত ফেট থাকে৷ যদি কল আৰু গাখীৰ একেলগে খোৱা হয়, তেন্তে আপোনাক শাৰীৰিক অনুশীলনৰো প্ৰয়োজন হয়৷
(৩) আপুনি যদি শৰীৰৰ ওজন বৃদ্ধি কৰিব বিচাৰিছে, তেন্তে কল আৰু গাখীৰ একেলগে খোৱাটো এটা ভাল বিকল্প৷ অন্যথা ই আপোনাৰ ওজন নিয়ন্ত্ৰণত বাধা আৰোপ কৰিব পাৰে৷
(৪) কল খোৱাৰ ২০ মিনিট পাছত গাখীৰ খোৱাটো উপকাৰী৷ আপুনি যদি গাখীৰজাতীয় খাদ্যৰ লগত কল খোৱাটো পচন্দ কৰে, তেন্তে গাখীৰৰ পৰিৱৰ্তে দৈ খাওক৷
(৫) গাখীৰ আৰু কল খালী পেটত একেলগে খোৱাটো উচিত নহয়৷
(৬) ৰাতি শোৱাৰ আগতে কল খাব পাৰে৷ ভাল টোপনি আহিব৷
(৭) কিন্তু হাপানি, চৰ্দি বা শ্বাসজনিত সমস্যা থাকিলে সন্ধিয়া বা ৰাতি কল খাব নালাগে৷
(৮) কেতিয়াবা কল আৰু গাখীৰ একেলগে খালে বমি, ডায়েৰিয়া, কফ, এলাৰ্জি আদি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here