সাৱধান ! এইবোৰ মাছ গৰ্ভৱতী মাতৃৰ কাৰণে বিষৰ সমান

0
317


উচ্ছ প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত মাছ অন্যতম সৰ্বোচ্চ৷ মাছত থকা উপাদানে আমাৰ শাৰীৰিক স্বাস্থ্যৰ বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা যোগায়৷ মাছ সকলোৰে প্ৰিয়৷ মাছ ভাল নোপোৱা মানুহ খুব কম সংখ্যকহে ওলাব৷ কি ডেকা কি বৃদ্ধ তথা শিশু সকলোৱে মাছ খাবলৈ ভাল পায়৷ বিশেষকৈ বৃদ্ধ বয়সত মাছ খোৱাটো স্বাস্থ্যৰ কাৰণেও ফলদায়ক৷ আপুনিও হয়তো প্ৰতিসাঁজতে মাছ খাই ভাল পায়৷ কিন্তু মাছৰ ভিতৰতে এনেধৰণৰ কিছমান মাছ আছে, যিবোৰ মাছ খোৱা উচিত নহয়, বিশেষকৈ গৰ্ভৱতী, প্ৰসূতি মহিলাই এইধৰণৰ মাছ খোৱাৰ পৰা সম্পূৰ্ণ বিৰত থকা উচিত৷ এই প্ৰকাৰৰ মাছত থকা বিষাক্ত উপাদানে সৰু শিশু তথা কিশোৰৰ স্নায়ুতন্ত্ৰ গঠনত সমস্যাৰ সৃষ্টি কৰে৷ অনলাইন স্বাস্থ্য ক’চিং প্লেটফৰ্ম নিউট্ৰিচেন্সৰ তালিকাভুক্ত পুষ্টিবিদ তথা বিশিষ্ট ডায়েটেচিয়ানসকলে কোৱা মতে যদিও মাছৰ নিয়মিত সেৱন বিভিন্ন স্বাস্থ্যসন্মত সুবিধা প্ৰদান কৰিব পাৰে, তথাপি মনত ৰখা জৰুৰী যে কিছুমান মাছ বেছি পৰিমাণে সেৱনৰ ফলত উল্লেখযোগ্য স্বাস্থ্য উদ্বেগ তথা অসুবিধা আছে৷ ইমপ’ৰ্ট কৰা মাগুৰ মাছ স্বাস্থ্যসন্মত নহয়৷ বজাৰত ডাঙৰ আকাৰৰ মাগুৰ মাছ কিনা বন্ধ কৰক৷ সৰু তথা মাগুৰ মাছৰ স্বাভাৱিক আকৃতিৰ মাছহে ক্ৰয় কৰিব৷ বিক্ৰীৰ বাবে উৎপাদন কৰা মাগুৰ মাছ সোনকালে ডাঙৰ হ’বলৈ বেপাৰীয়ে নানাৰকমৰ হৰমন ইনজেক্‌শ্যন প্ৰয়োগ কৰে মাছৰ শৰীৰত৷ যি মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক, বিশেষকৈ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত৷
সৰু বা পোনামাছৰ লেখীয়া সামুদ্ৰিক মেকাৰেল মাছ খোৱাত বহুতে অভ্যস্ত হৈ পৰে৷ কিন্তু জানেনে এই মেকাৰেলত পাৰা বা মাৰ্কাৰি থাকে৷ আপুনি যদি মেকাৰেল খায়, তেন্তে এই মাৰ্কাৰি আপেনাৰ পেটত জমা হ’ব পাৰে৷ ইয়াৰ ফলত নানাধৰণৰ বিপজ্জনক ৰোগে দেখা দিব পাৰে৷
টুনা মাছ বহুতেই খাদ্য তালিকাত পচন্দ কৰে৷ টুনা মাছ মূলতঃ বিদেশী মাছৰ প্ৰজাতি৷ এই টুনা মাছত প্ৰচুৰ পৰিমাণে মাৰ্কাৰি থাকে৷ আনহাতে আপুনি যদি লক্ষ্য কৰে এই টুনা মাছক প্ৰচুৰ পৰিমাণে হৰমন আৰু এণ্টিবায়’টিক ইনজেক্‌শ্যন দিয় হয়৷ যি আমাৰ শৰীৰৰ কাৰণে যথেষ্ট ক্ষতিকাৰক৷
তৈলাক্ত এই টুৰি মাছ পানীত থকা ইণ্ড্ৰাষ্টিয়েল তথা ফাৰ্মৰ বৰ্জ্য পদাৰ্থ খাই ডাঙৰ হয়৷ সেয়ে এই মাছটো সম্পূৰ্ণ দূষিত বা বীজাণুযুক্ত হয়৷ যদিও এই মাছত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে, কিন্তু এই মাছে মানৱদেহত সাংঘাতিক ক্ষতি কৰিব পাৰে বিশেষকৈ গৰ্ভৱতী মহিলাই এইধৰণৰ মাছ খোৱাটো স্বাস্থ্যৰ পক্ষেই ক্ষতিকাৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here