সাৱধান! এইকেইটা অভ্যাসে কৰিব পাৰে আপোনাৰ কিডনী বিকল

0
2076

কিডনী বা বৃক্ক হৈছে আমাৰ শৰীৰৰ প্ৰধান অংশ৷ দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ ৰক্তস্ৰোতৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা নিষ্কাশন কৰাই হৈছে বৃক্কৰ প্ৰধান কাৰ্য৷

কিন্তু বিভিন্ন অসাৱধানতা তথা আমাৰ দৈনন্দিন জীৱনৰ কিছুমান অভ্যাসৰ বাবে আমাৰ বৃক্ক দুৰ্বল হ’ব পাৰে৷ আপোনাৰো যদি নিম্নলিখিত অভ্যাসকেইটা আছে, তেন্তে আজিয়েই পৰিত্যাগ কৰক–

(১) নিমখেই হৈছে খাদ্যৰ সোৱাদ বৃদ্ধিৰ অন্যতম কাৰক৷ কিন্তু ২০১৮ চনত জাৰ্নেল অব্‌ ক্লিনিকেল হাইপাৰটেনশ্যনৰ দ্বাৰা কৰা এক গৱেষণা মতে অত্যধিক নিমখ সেৱনে আপোনাৰ কিডনী বিকল কৰিব পাৰে৷ মাত্ৰাধিক নিমখ সেৱনে তেজ পনীয়া কৰে, যাৰ বাবে শৰীৰৰ পৰা অলাগতিয়াল পানী বাহিৰ কৰিবলৈ যথেষ্ট কষ্ট কৰিব লগা হয়৷ ইয়াৰ ফলত কিডনী বিকল হোৱাৰ সম্ভাৱনা থাকে৷


(২) ‘নিউ ইংলেণ্ড অব্‌ মেডিচিন’ৰ দ্বাৰা কৰা এক অধ্যয়নৰ পৰা পোৱা গৈছে যে অত্যধিক পেইনকিলাৰ সেৱন কৰিলেও কিডনী বিকল হ’ব পাৰে৷ খালী পেটত পেইনকিলাৰ খোৱাটো ইয়াতকৈও বেছি বিপজ্জনক৷ কাৰণ পেইনকিলাৰে বৃক্কলৈ তেজৰ সৰবৰাহৰ মাত্ৰা কম কৰে৷ পাছলৈ গৈ ইয়ে কিডনীৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে৷


(৩) জ্বৰ, চৰ্দিক যদিও ভাইৰেল ফিভাৰ বুলি কোৱা হয়, তথাপি ইয়াক সাধাৰণ হিচাপে ল’লে কেতিয়াবা আপুনি গুৰুতৰ সমস্যাত ভুগিব পাৰে৷ কাৰণ যদি জ্বৰ-চৰ্দি সোনকালে চিকিৎসা নকৰে, তেন্তে শৰীৰে নিজেই বহু এণ্টিবডীৰ সৃষ্টি কৰিব লগা হয়৷ সময়ত গৈ ইয়ে আপোনাৰ কিডনীৰ অসু্‌স্থতাৰ কাৰণ হ’ব পাৰে৷


(৪) কেতিয়াও প্ৰস্ৰাৱ ৰখাই নাৰাখিব৷ আপোনাৰ শৰীৰত যিমান দেৰিলৈকে প্ৰস্ৰাৱ থাকিব, সিমানে ই আপোনাৰ শৰীৰত বেক্টেৰিয়া উৎপন্ন কৰি বৃক্কৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷


(৫) ধূমপান হাঁওফাঁও, হৃদপিণ্ডৰ লগতে আপোনাৰ কিডনীৰ কাৰণেও হিতকাৰী৷ চিগাৰেটে শৰীৰত ক্ৰেয়েটিনিন উৎপন্ন কৰে, যি আমাৰ বৃক্কৰ কাৰণে ক্ষতিকাৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here