সাৱধান ! এইকেইটা অভ্যাসে আপোনাক কৰিব পাৰে অন্ধ (These habits could make you blind)

0
1729
মানৱ সভ্যতাৰ উন্নতিৰ লগে লগে বৰ্তমান সকলো বস্তু, সকলো কামেই ডিজিটেল হৈ পৰিছে৷ পুৱা শুই উঠিয়েই মোবাইলটো চোৱাৰ পৰা অফিচত কম্পিউটাৰত কাম কৰা, আকৌ ৰাতি আহি টিভি চোৱা আনকি পঢ়িব বিচাৰিলেও ডিজিটেল মাধ্যমতে কিতাপ পঢ়াৰ কামবোৰে আমাক ডিজিটেলাইজ কৰি পেলাইছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে আমাৰ চকুত৷ অকল এয়াই নহয়, আমি দৈনন্দিন জীৱনত সচৰাচৰ কৰি থকা আৰু কিছুমান কাম আছে, যাৰ অভ্যাসে আপোনাৰ চকুৰ ক্ষতি কৰিব পাৰে৷

(১) অত্যধিক ৰ’দত থকা, প্ৰখৰ ৰ’দত ছানগ্লাছ নিপিন্ধাকৈ ওলাই যোৱা কামে চকুৰ ক্ষতি কৰিব পাৰে৷ কিয়নো যিদৰে সূৰ্যৰ প্ৰখৰ তাপে ছালৰ ক্ষতি কৰে, ঠিক একেদৰে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়েও চকুৰে কম দেখা, চকুৰ বিষ আদিৰ সৃষ্টি কৰে৷


(২) ঘনাই ঘনাই চকু মোহৰা কাৰ্যই চকুৰ কৰ্নিয়াৰ ক্ষতি কৰিব পাৰে৷

Can Rubbing Your Eyes Affect Your Health? | Image Plus Laser Eye Centre


(৩) আজিকালি ডিজিটেল ডিভাইচসমূহ যেন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ ফলত একেথিৰে কম্পিউটাৰ, টিভি, মোবাইল চাই থকাৰ পৰিণামস্বৰূপ বিশেষকৈ ৰাতি মোবাইল বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ পৰা ওলোৱা নীলা পোহৰে চকুৰ লগতে মগজুৰো যথেষ্ট ক্ষতি কৰে৷

Researchers reveal how blue light exposure is damaging our eyes


(8) ইয়াৰ লগতে একেবাৰে ওচৰৰ পৰা মোবাইল, টিভি, কম্পিউটাৰ চোৱা কাৰ্য চকুৰ বাবে একেবাৰে মাৰাত্মক৷

Blue Light From Your Smartphones Ruin Your Good Night Sleep | Pamper.My


(৫) কণ্টেক্ট লেনছৰ ভুল ব্যৱহাৰে আপোনাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে৷ কণ্টেক্ট লেনছৰ ভুল ব্যৱহাৰৰ ফলত চকুলৈ অক্সিজেনৰ সৰবৰাহ কমি যায়, চকুৰ শুষ্কতা, বেক্টেৰিয়াৰ সংক্ৰমণ আদি হ’ব পাৰে৷

A User Guide for Contact Lens Wearers, Tips, Pros & Cons | Neoretina


(৬) পৰ্যাপ্ত মাত্ৰাত টোপনি নহ’লেও ইয়াৰ বিৰূপ প্ৰভাৱ বৃদ্ধ কালত আপোনাৰ চকুৰ ওপৰত পৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়৷

Why is sleep important? 9 reasons for getting a good night's rest

LEAVE A REPLY

Please enter your comment!
Please enter your name here