সাৱধান ! আপোনাৰ খৰধৰকৈ খাদ্য খোৱাৰ অভ্যাস আছে নেকি? Are you in the habit of eating your food fast?

0
674

বহুতো লোকে সময়ৰ অভাৱতে হওক বা অভ্যাগত কাৰণতে হওক খৰধৰকৈ ভাত বা অন্য খাদ্য খোৱা দেখা যায়৷ এনেদৰে খাদ্য খোৱাৰ ফলত কেতিয়াবা ভাত নোচোবোৱাকৈও গিলি দিয়া হয়৷ পিছে এনেদৰে খৰধৰকৈ খাদ্য খোৱা উচিতনে?


(১) খৰধৰকৈ খাদ্য খোৱাৰ ফলত খাদ্যবস্তু নোচোবোৱাকৈ গিলি দিয়া হয়, যাৰ বাবে খাদ্য ভালকৈ হজম হ’ব নোৱাৰি গেছ, বদহজম আদি সমস্যাই দেখা দিয়ে৷


(২) লগতে খাদ্য খৰধৰকৈ খোৱাৰ ফলত কিমান খাদ্য পেটলৈ গ’ল তাৰ অনুমান পাব নোৱাৰি অধিক খাই দিয়া হয়৷ যাৰ ফলত ওজন বৃদ্ধিৰ সমস্যাও নোহোৱা নহয়৷

Do you eat really fast? Here is what it does to your body | The Times of India

(৩) খৰধৰকৈ খাদ্য খোৱাৰ ফলত ছুগাৰ লেভেল বাঢ়িবলৈ ধৰে৷ যাৰ ফলত ইনছুলিন প্ৰতিৰোধ ব্যৱস্থাত সমস্যাৰ সৃষ্টি হয়৷ গতিকে খৰধৰকৈ খাদ্য খোৱাটো ডায়েবেটিছৰ কাৰণ হ’ব পাৰে৷


(৪) একেদৰে খৰধৰকৈ খাদ্য খোৱাৰ ফলত আমাৰ পেটৰ এচিড খাদ্যনলীলৈ উজাই আহে, যিয়ে শৰীৰৰ অনিষ্ট কৰিব পাৰে৷


(৫) লগতে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱা, সঘনাই হিকটি অহা, টেঙা উগাৰ অহা আদি সমস্যাও হ’ব পাৰে, যদিহে আপুনি খৰধৰকৈ খাদ্য গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here