সাৱধান ! আপোনাৰো নখ কামোৰাৰ অভ্যাস আছে নেকি?

0
1104

নখ কামোৰাৰ অভ্যাসটো কম-বেছি পৰিমাণে বহুতৰে আছে৷ যদি এই বদঅভ্যাসটো আপোনাৰো আছে, তেন্তে আজিয়েই পৰিত্যাগ কৰক৷ কাৰণ ই আপোনাৰ শৰীৰৰ অপকাৰ কৰাৰ লগতে আপোনাৰ ব্যক্তিত্বতো আঘাত হানিব পাৰে৷ কিন্তু এই নখ কামোৰাৰ বদ অভ্যাসটোৰ আঁৰৰ কাহিনী কি? কেতিয়াবা জানিব চেষ্টা কৰিছেনে? বহুতেই এই বদঅভ্যাসটো শৈশৱতে গ্ৰহণ কৰে আৰু বয়স বৃদ্ধিৰ লগে লগে ই জীৱনৰ লগৰী হৈ পৰে৷ অৱশ্যে এই অভ্যাসটোৰ এটা নামো আছে– Onychophagia. ইয়াক এটা সাধাৰণ স্ত্ৰেচ-সম্বন্ধীয় অভ্যাস বুলি ক’ব পাৰি৷ আপোনালোকে নিশ্চয় মন কৰিছে যে যেতিয়া আপুনি কোনো কামৰ প্ৰতি বিৰক্তি অনুভৱ কৰিছে নাইবা হতাশাত ভুগিছে, তেতিয়া মানসিক চাপ কম কৰিবলৈ নখ কামুৰি নিজকে ব্যস্ত ৰাখিব চেষ্টা কৰে৷ ইয়াৰ উপৰি আপুনি যেতিয়া কোনো কাম একাগ্ৰতা সহকাৰে কৰে, তেতিয়া আপুনি নিজে গম নাপায় যে কেতিয়া আপুনি নখ কামোৰা আৰম্ভ কৰিছে৷ একাংশৰ মতে নখ কামুৰিলে হেনো কিছু সময়ৰ বাবে ভয়-শংকা আদিৰ পৰা মুক্তি পোৱা যায়৷ মনোবিজ্ঞানীসকলৰ মতে কিছু ক্ষেত্ৰত এই নখ কামোৰা অভ্যাসটো ADHD, depressive disorder, OCD, anxiety disorder-ৰ দৰে মগজুৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷ নখ কামোৰাৰ এই অভ্যাসটোৰ ফলত নখৰ ওচৰৰ ছালসমূহত আঘাত পোৱাৰ লগতে মাজে মাজে বিষো অনুভৱ কৰা যায়৷ অকল এয়াই নহয়, নখ মুখত লোৱাৰ বাবে ইয়াৰ জৰিয়তে বিভিন্ন বেক্টেৰিয়া পেটলৈ গৈ ফাংগেল ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে৷ নখ কামোৰাৰ ফলত কটা নখ যদি পেটলৈ যায়, তেন্তে ই হজম হ’ব নোৱাৰি পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ গতিকে এইবোৰ অভ্যাস আজিয়েই বৰ্জন কৰক৷ যদিও যিকোনো অভ্যাস এটা এৰি দিবলৈ সময় লাগে, তথাপি চেষ্টা কৰিলে একো কামেই অসম্ভৱ নহয়৷

সেইবাবে আপোনালোকলৈ নখ কামোৰাৰ অভ্যাস এৰুওৱাৰ কেইটামান টিপছ লৈ আহিছোঁ–

(১) নিয়মিত নখ কাটক– যেতিয়া আপুনি আপোনাৰ নখৰ সঠিক পৰিচৰ্যা কৰিব, তেতিয়া নখ চোবোৱাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব৷


(২) নেইল পলিচ লগাওক– অধিকাংশ নেইল পলিচৰ সোৱাদ তিতা হয়৷ যেতিয়া আপুনি নেইল পলিচ লগাব, তেতিয়া নখ মুখত দিয়াৰ ফলত ইয়াৰ তিতা সোৱাদৰ বাবে আপুনি নখ কামোৰা বন্ধ কৰিব৷


(৩) হাত মোজা পৰিধান কৰক– যদিও ই এক অস্থায়ী সমাধান হয়, তথাপি আপুনি হাত মোজা পৰিধান কৰিও নখ কামোৰা অভ্যাসৰ পৰা দূৰত থাকিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here