সাৱধান ! আপুনি ব্যৱহাৰ কৰা লিপষ্টিকটো পুৰণি নেকি? Beware! Are you using an outdated lipstick?

0
230

মহিলাসকলৰ প্ৰসাধনৰ অন্যতম সামগ্ৰী হৈছে লিপষ্টিক৷ মহিলাসকলে নিজৰ ওঁঠযুৰিক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ বিভিন্ন ৰং আৰু বিভিন্ন প্ৰকাৰৰ যেনে মেট, গ্লচি আদি লিপষ্টিক ব্যৱহাৰ কৰে৷ পিছে আমাৰ মাজৰ কিমানজনে ইয়াৰ ম্যাদ চাই লিপষ্টিক ক্ৰয় কৰে? খুব কমসংখ্যকহে চাগৈ ওলাব৷ কিছুমান এনেকুৱা লোকো আছে, যিয়ে মাহ মাহ ধৰি এটা লিপষ্টিক শেষ নোহোৱাৰ বাবে একেটা লিপষ্টিককে ব্যৱহাৰ কৰি আহিছে৷ আপুনিও যদি তেনে লোকৰ শাৰীত পৰে, তেন্তে সাৱধান৷ ইয়াৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ মনত ৰাখিব এটা ভাল ব্ৰেণ্ডৰ লিপষ্টিকৰ ম্যাদ কেৱল ১২-১৮ মাহহে থাকে৷

Inglot HD Lip Tint Matte Liquid Lipsticks Review - The Beautynerd


(১) বহু পুৰণি তথা ম্যাদ উকলা লিপষ্টিকত বেক্টেৰিয়া থাকে, যিয়ে মুখত ইৰিটেশ্যন বা খজুৱতিৰ সৃষ্টি কৰিব পাৰে৷ লগতে লিপষ্টিকত লেনোলিন থাকে, যিয়ে অতি সহজে এলাৰ্জিক প্ৰতিক্ৰিয়া কৰি ওঁঠ শুষ্ক হোৱা, টানি ধৰা, বিষ আদি সমস্যাৰ সৃষ্টি কৰে৷

Lip Infection Images, Stock Photos & Vectors | Shutterstock


(২) ম্যাদ উকলি যোৱা লিপষ্টিকত উপস্থিত থকা লেনোলিনে বতাহৰ পৰা ধূলি-বালি, বেক্টেৰিয়া আদি সহজে শুহি ল’ব পাৰে৷ ফলত ওঁঠে শুহি লোৱা বেক্টেৰিয়া যেতিয়া খাদ্যৰ মাধ্যমেৰে পেটলৈ যায়, তেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে৷


(৩) লিপষ্টিকত লিড আৰু কেডমিয়াম থাকে৷ লিপষ্টিকৰ ম্যাদ উকলি গ’লে ইয়াত থকা লিড বিষাক্ত হৈ পৰে৷ ফলত এই লিপষ্টিকৰ ব্যৱহাৰে এনিমিয়া, স্তন টিউমাৰ, মগজুৰ বিকাৰ আদিৰ কাৰক হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here