সাৱধান! আপুনি বাথৰূমলৈ গ’লে ম’বাইল লৈ যায় নেকি?

0
2497

আপুনি বাথৰূমলৈ গ’লে ম’বাইল ফ’নটো লগত লৈ যায় নেকি? যদি যায়, তেন্তে আজিয়েই এই অভ্যাস পৰিত্যাগ কৰক৷ কাৰণ আপোনাৰ এই বদঅভ্যাসে অনেক সংক্ৰামক ৰোগৰ কাৰণ হ’ব পাৰে৷ বহু বছৰ আগতে মানুহে সময় বচোৱাৰ বাবে বাথৰূমলৈ বাতৰিকাকত, মেগাজিন নি পঢ়িছিল৷ ঠিক তেনেকৈ আজিকালি স্মাৰ্টফ’নে ইয়াৰ স্থান দখল কৰিছে৷ আজিকালি প্ৰায় অধিকসংখ্যকে বাথৰূমলৈ ম’বাইল ফ’ন নি ঘণ্টা ঘণ্টাধৰি সময় কটায়৷ ফে’চবুক, ইন্‌ষ্টাগ্ৰাম, হোৱাটছআপ আনকি পৃথিৱীৰ গোটেই সংবাদ পঢ়ি শেষ কৰে এই সময়খিনিত৷

কিন্তু আপুনি জানেনে– আপোনাৰ এই বদঅভ্যাসৰ দ্বাৰা আপুনি নিজেই নিজৰ বিপদ মাতি আনিছে৷

ঘৰৰ সমস্ত ঠাইৰ ভিতৰত বাথৰূমতে সৰ্বাধিক জীৱাণুৰ বসতিস্থান পোৱা যায়৷ টেপ, হেণ্ড শ্বাৱাৰ, দৰ্জাৰ হেণ্ডেল, টয়লেট চিটাৰ আদি সকলোতে খালী চকুৰে দেখা নোপোৱা জীৱাণু লাগি থাকে৷ আপুনি যেতিয়া বাথৰূমলৈ ম’বাইল ফ’নটো লৈ যায়, সেই সময়তে বেক্টেৰিয়াই আপোনাৰ ফ’নটোৰ সংস্পৰ্শলৈ আহে৷ গৱেষকৰ মতে টয়লেটৰ ভিজা পৰিৱেশত দ্ৰুতগতিত বেক্টেৰিয়াৰ বংশবৃদ্ধি হয়৷ ভালকৈ হাত নোধোৱা বা টয়লেট ব্যৱহাৰৰ সময়ত সেই ঠাইত ম’বাইল ৰখাৰ ফলত তাত ছালমেনিলা, ই-কেলাই, চিগেলা আদি বেক্টেৰিয়াই তৎক্ষণাৎ আপোনাৰ ফ’নটোৰ সংস্পৰ্শলৈ আহে৷ তাৰ পাছত যদি ফ’নটো আমি খোৱা টেবুলত ৰাখো, তেতিয়া খাদ্যৰ জৰিয়তে আমাৰ শৰীৰৰ সংস্পৰ্শলৈ আহে৷ ‘আৰিজনা বিশ্ববিদ্যালয়’ৰ এক গৱেষণা মতে টয়লেট চিতাৰৰ তুলনাত ১০ গুণ বেছি জীবাণু থাকে আপোনাৰ ফ’নটোত৷ টয়লেট ব্যৱহাৰ কৰি আপুনি হাত ঠিকেই ধুৱে, কিন্তু স্মাৰ্টফ’নটো পৰিষ্কাৰ কৰিবলৈ পাহৰি যায়৷ ফলস্বৰূপে ৰোগৰ বীজাণু ফ’নত ৰৈ যায়৷ যিয়ে আপোনাক সহজে আক্ৰমণ কৰিব পাৰে৷ অকল ম’বাইল ফ’নেই নহয়, টুথব্ৰাছ, টাৱেলৰ জৰিয়তেও বেক্টেৰিয়া আপোনাৰ দেহলৈ আহিব পাৰে যদিহে আপুনি টুথব্ৰাছ বা টাৱেল টয়লেট চিটৰ ওচৰত ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here