সাৱধান! অক্টোবৰত আহিব পাৰে কৰ’নাৰ তৃতীয়টো ঢৌ

0
1642

কভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশৰ অৱস্থা তচ্‌নচ্‌ কৰি পেলাইছে৷ ইয়াৰ সমান্তৰালকৈ দেশৰ নাগৰিকৰ গতিও পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ দেশত দৈনিক কৰ’নাৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ সমানে মৃত্যু হোৱা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ তেনে সময়তে আই আই টি, কানপুৰৰ বিশেষজ্ঞ অধ্যাপক মনীন্দ্ৰ চন্দ্ৰ আগৰৱালে এইবুলি সতৰ্ক কৰি দিছে যে অক্টোবৰত দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হ’ব৷ উল্লেখ্য যে দেশত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে তেওঁ এই সতৰ্কবাণী শুনাইছে৷ তেওঁৰ মতে জুলাইত দ্বিতীয়টো ঢৌ শেষ হ’ব৷ তেওঁ কৰা অধ্যয়নৰ পৰা এই দাবী কৰিছে৷ অৱশ্যে তৃতীয়টো ঢৌ কিমান ভয়াৱহ হ’ব পাৰে, সেই তথ্য তেওঁ লাভ কৰা নাই৷ তেওঁ কয় যে ই সাধাৰণ ধৰণৰ ঢৌ হ’ব পাৰে, কিন্তু এই কথাটো বিভিন্ন বিষয়ৰ ওপৰত নিৰ্ভৰ কৰিছে৷ সেয়েহে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব লাগে৷ তেওঁৰ মতে, দ্বিতীয়টো ঢৌৱে চৰম ৰূপ লোৱাৰ সময় সলনি হৈছে৷ এতিয়া ১০-১৫ মে’ৰ পৰিৱৰ্তে এক বা দুসপ্তাহ আগলৈ ই চৰম ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে এই বিষয়টোত মনোযোগ দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে অহা কেইদিনমানৰ ভিতৰত স্পষ্ট হৈ পৰিব দ্বিতীয়টো ঢৌৱে কেতিয়া চূড়ান্ত পৰ্যায় পাবগৈ৷ চূড়ান্ত পৰ্যায় পোৱাৰ পাছত সংক্ৰমণ হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাব বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে অসম, ওড়িষা আৰু পঞ্জাবত দ্বিতীয়টো ঢৌৱে কেতিয়া চূড়ান্ত পৰ্যায় পাবগৈ সেইটো এতিয়াও স্পষ্ট নহয়৷ সেয়েহে কেইদিনমান অপেক্ষা কৰি তথ্য বিশ্লেষণ কৰিব লাগিব৷ আনহাতে আই আই টি হায়দৰাবাদৰ অধ্যাপক এম বিদ্যাসাগৰৰ মতে, বৰ্তমানৰ অৱস্থালৈ চাই অহা কেইদিনমানৰ ভিতৰত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা হ্ৰাস পাবলৈ ল’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here