সাৱধানবাণী: উত্তৰ-পূবত কৰ্কট ৰোগীৰ সংখ্যা বাঢ়িব

0
1584

২০২৫ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত নতুন কৰ্কট ৰোগীৰ সংখ্যা ৫৭,১৩১ লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ২০২০ চনত অঞ্চলটোত ৫০,৩১৭জন কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি আনুমানিক হিচাপ কৰা হৈছে৷ বিশ্ব কৰ্কট ৰোগ উপলক্ষে যোৱা ৪ ফেব্ৰুৱাৰীত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ আৰু বেংগালুৰুৰ নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ ইনফৰমেটিক্‌ছ এণ্ড ৰিছাৰ্চ চমুকৈ এন চি ডি আই আৰ-এ প্ৰকাশ কৰা এখন নতুন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ সকলোতে ১১টা পপুলেশ্যন-বেছড্‌ কেঞ্চাৰ ৰেজিষ্ট্ৰিজে প্ৰস্তুত কৰা কৰ্কট ৰোগৰ তথ্যৰ ভিত্তিত ‘Profile of Cancer and Related Health Indicators in the North East Region of India’ শীৰ্ষক প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে৷
 
আই চি এম আৰে এটা বিবৃতিত এই কথা কয়৷ প্ৰতিবেদনখনত ২০১২ চনৰ পৰা ২০১৬ চনলৈ অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ সাতখন হাস্পাতাল বেছড্‌ কেঞ্চাৰ ৰেজিষ্ট্ৰিজৰ পৰা লোৱা তথ্যও দিয়া হৈছে৷ প্ৰতিবেদনখনত উত্তৰ-পূৰ্বাঞ্চলত এই সমস্যাটো কিমান গুৰুতৰ আৰু কিমান বিচিত্ৰ, সেই কথাও দাঙি ধৰা হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে মণিপুৰ আৰু ছিকিমৰ বাদে বাকী আটাইকেইখন ৰাজ্যত মহিলাতকৈ পুৰুষৰ কৰ্কট ৰোগ বেছি৷ পুৰুষসকলৰ খাদ্যনলী আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ বেছি৷ আনহাতে মহিলাসকলৰ স্তন আৰু ছাৰ্ভিক্স ইউটেৰীৰ কৰ্কট ৰোগ বেছি৷ ১০০০ জনসংখ্যাৰ ভিতৰত পুৰুষৰ কৰ্কট ৰোগৰ হাৰ মিজোৰামৰ আইজলত আটাইতকৈ বেছি (২৬৯.৪)৷ প্ৰতি ১০০০ জনসংখ্যাত মহিলা কৰ্কট ৰোগৰ হাৰ আটাইতকৈ বেছি অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত (২১৯.৮)৷ ধঁপাতৰ কাৰণে হোৱা কৰ্কট ৰোগ পুৰুষৰ ক্ষেত্ৰত ৪৯.৩ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ২২.৮ শতাংশ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত চিকিৎসা কৰোৱা লোকৰ সংখ্যা আটাইতকৈ বেছি ছিকিমৰ (৯৫.৫ শতাংশ) আৰু তাৰ পাছত নগালেণ্ডৰ (৫৮ শতাংশ)৷ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি ধঁপাত ব্যৱহাৰ কৰা হয় ত্ৰিপুৰাত (৬৪.৫ শতাংশ) আৰু আটাইতকৈ কম ধঁপাত ব্যৱহাৰ কৰা হয় ছিকিমত (১৭.৯ শতাংশ)৷ অঞ্চলটোৰ ৰাজ্যকেইখনৰ লোকসকলোতকৈ অৰুণাচল প্ৰদেশৰ ১৫ বছৰৰ ঊধৰ্বৰ ৫৯ শতাংশ পুৰুষ আৰু ২৬.৩ শতাংশ মহিলাই বেছি সুৰাপান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here