সাধাৰণ হ’লেও, এইবোৰেই Lung Cancer-ৰ লক্ষণ

0
1034
দুৰাৰোগ্য ৰোগসমূহৰ ভিতৰত Lung Cancer অন্যতম৷ এই কেঞ্চাৰে এগৰাকী ব্যক্তিৰ শ্বাস-প্ৰশ্বাসত বাধা প্ৰদান কৰে৷ ভাৰতত মহিলাতকৈ পুৰুষসকল অধিক Lung Cancerত আক্ৰান্ত হোৱা দেখা যায়৷ Lung Cancer-ৰ মুখ্য কাৰণ হৈছে ধূম্ৰপান৷ ধূমপান কৰাৰ ফলত ইয়াৰ ধোঁৱা হাঁওফাঁওত জমা হ’বলৈ ধৰে আৰু ইয়েই ভৱিষ্যতে ঘাতকৰূপে বিবেচিত হ’ব পাৰে৷ Lung Cancer-ৰ লক্ষণসমূহ সাধাৰণ ৰোগৰ দৰেই৷ সেইবাবে যেতিয়ালৈ পৰিস্থিতি চূড়ান্ত পৰ্যায় নাপায়গৈ, এই ৰোগক ধৰা পেলোৱা কঠিন হয়৷ সেয়েহে ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনাটো অতি প্ৰয়োজন৷

(১) কাহ হৈছে Lung Cancer-ৰ প্ৰথম লক্ষণ৷ বহুদিন ধৰি কাহ ভাল নোহোৱা অথবা কাহোতে কফৰ লগত ৰক্তক্ষৰণ হ’লে ই কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে৷

What to do if a Patient is Coughing Up Blood? (Hemoptysis Definition) - YouTube


(২) দ্বিতীয়তে Lung Cancer হ’লে স্বৰ ভংগ বা মাত ভাঙিব পাৰে৷


(৩) Lung Cancer-ৰ আন এটা লক্ষণ হৈছে কাহ উঠিলে বা উশাহ-নিশাহ লওঁতে বুকুৰ বিষ হোৱা৷

Aggressive testing provides no benefit to patients in ER with chest pain – Washington University School of Medicine in St. Louis


(8) উশাহ লওঁতে যদি গলৰ পৰা মাত ওলায়, তেন্তে ইয়ো হ’ব পাৰে Lung Cancer-ৰ লক্ষণ৷


(৫) খাদ্যৰ প্ৰতি অনীহা, অত্যধিক মূৰৰ বিষ, বুকুৰ বিষ, হাড়ৰ বিষ, হঠাৎ ওজন হ্ৰাস আদিবোৰ সাধাৰণতে Lung Cancer-ৰ প্ৰধান লক্ষণ৷
গতিকে এনেধৰণৰ লক্ষণ যদি আপোনাৰ নিজৰ বা পৰিয়ালৰ লোকৰ দেখা পায়, তেন্তে হেলা নকৰি ততালিকে চিকিৎসকৰ ওচৰ চপাৰ ব্যৱস্থা কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here