সাগৰৰ গভীৰতা জোখাত সাগৰীয় তিমিৰ সংগীত– সম্ভৱনে ?

0
1741
Fin whalesক সাধাৰণতে সাগৰৰ সংগীতজ্ঞ বুলি কোৱা হয়৷ যাদুকৰী কণ্ঠৰ Fin whalesৰ গীতে সাগৰৰ প্ৰত্যেকটো প্ৰাণীক আকৰ্ষণ কৰে৷ এই গীতৰ ধ্বনি ইমানেই গভীৰ হয় যে দূৰ দূৰলৈ ইয়াৰ প্ৰতিধ্বনি বিয়পি পৰে৷ Scientific Americanৰ মতে মতা Fin whales-এ মাইকী whalesক আকৰ্ষিত কৰিবলৈ যি গীত গায়, তাৰ গভীৰতা সামুদ্ৰিক জীৱনৰ ভিতৰত আটাইতকৈ বেছি হয় আৰু এহেজাৰ কিলোমিটাৰ দূৰলৈ ইয়াৰ প্ৰতিধবনি শুনিবলৈ পোৱা যায়৷ ইয়াৰ শব্দধবনি সমুদ্ৰৰ মাজেৰে ইমানেই উচ্চ স্বৰত পাৰ হৈ যায় যেন সেই শব্দ এখন সাগৰীয় জাহাজৰ ইঞ্জিনৰ পৰাহে ওলাইছে৷
KUOW - LISTEN: Whale songs reveal map of Earth's crust

অকল এয়াই নহয়, ইয়াৰ গীতৰ স্বৰ ইমানেই উচ্চ যে গৱেষকসকলে whalesৰ গীতক সাগৰৰ গভীৰতা জোখাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বুলি প্ৰকাশ কৰিছে৷ এই শব্দ সাগৰৰ গভীৰতাৰ ২.৫ কিলোমিটাৰ দূৰত্বলৈ যাব পাৰে, যি সাগৰতলিত খুন্দা খাই উভতি আহি গৱেষকসকলক গভীৰতাৰ সঠিক উমান দিব পাৰে।

ভূমিকম্পৰ প্ৰৱণতা, কাৰ্বন ষ্ট’ৰেজৰ ক্ষমতা আদি অধ্যয়ন কৰিবৰ বাবে সাগৰৰ পানীৰ গভীৰতা জনাটো অত্যন্ত প্ৰয়োজনীয়৷ যাৰ বাবে গৱেষকসকলে এক বৃহৎসংখ্যক এয়াৰগান ব্যৱহাৰ কৰিবলগীয়া হয়৷ কিন্তু এনেধৰণৰ এয়াৰগানৰ পৰা ওলোৱা শব্দই সামু্‌দ্ৰিক জীৱন-ধাৰণ প্ৰণালীত ব্যাঘাত জন্মাব পাৰে৷ সেয়েহে এটা অধ্যয়নত দেখুওৱা হৈছিল যে সামুদ্ৰিক জীৱনত নেতিবাচক প্ৰভাৱ নেপেলোৱাকৈ এয়াৰগানৰ বিকল্প হিচাপে Fin whalesৰ গীতক সাগৰৰ গভীৰতা জোখাত ব্যৱহাৰ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here