সাঁতোৰা স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী?

0
1521


সাঁতোৰাটো সকলো বয়সৰ লোকৰ বাবে এটা মনোৰঞ্জনধৰ্মী কাৰ্য৷ শুনা মতে তাহানিতে হেনো শংকৰদেৱে ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হৈছিল৷ আজিকালি প্ৰায়সংখ্যক লোকৰে নদীত নহ’লেও ছুইমিং পুলত সাঁতোৰাৰ অভিজ্ঞতা আছে৷ সৰু ল’ৰা-ছোৱালীক সৰুতে ছুইমিং পুলত নাম লগাই দিয়াটো এটা নিয়মত পৰিণত হৈছে৷ সাঁতোৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী৷ সাঁতোৰাটো এটা ভাল ব্যায়াম৷ কাৰণ সাঁতুৰিবলৈ পানীৰ সোঁতৰ বিপৰীতে গোটেই শৰীৰটো লৰচৰ কৰাৰ প্ৰয়োজন হয়৷ সাঁতুৰিলে আমাৰ কি উপকাৰ হয় জানো আহক–
(১) ওজন নিয়ন্ত্ৰণত সহায়ক হয়৷
(২) হাঁওফাঁও আৰু হৃদপিণ্ড সুস্থ কৰি ৰাখে৷
(৩) দৌৰাতকৈ সাঁতুৰিলে বেছি কেল’ৰি হ্ৰাস পায়৷
(৪) দৈনিক সাঁতোৰাৰ ফলত উচ্ছ ৰক্তচাপ কমে, অক্সিজেনৰ সৰবৰাহ সঠিক হয়, মগজুলৈ তেজ চলাচল উন্নত হয়, যাৰ দ্বাৰা বয়সৰ চাপ নিয়ন্ত্ৰণত সহায়ক হয়।
(৫) সাঁতোৰাৰ ফলত মগজুলৈ ইনছুলিন সৰবৰাহ হয়, যাৰ ফলত মগজুৰ নতুন কোষ বিকশিত হয়৷ ফলস্বৰূপে আমাৰ মানসিক অৱসাদ, দুখ-চিন্তা আদি দূৰ হোৱাৰ লগতে মগজু অধিক কাৰ্যক্ষম হয়৷ স্মৃতিশক্তি বৃদ্ধি হয়।
(৬) ৰাতি ভাল টোপনি অহাত সাঁতোৰে সহায় কৰে৷
(৭) শৰীৰত শক্তি প্ৰদান কৰে, ধৈৰ্য গুণ বৃদ্ধি কৰে৷ শৰীৰৰ সমতা, ফ্লেক্সিবিলিটি বৃদ্ধি পায়৷
(৮) গৰ্ভৱতী মহিলা, আস্থামা ৰোগীৰ কাৰণে সাঁতোৰাটো ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here