সাঁতোৰাটো আপোনাৰ জীৱনৰ অন্যতম ব্যায়ামত পৰিণত কৰক

0
723

অসমী আইৰ বুকু নানান প্ৰাকৃতিক মনোমোহা পৰিৱেশেৰে পৰিবেষ্টিত৷ চৌদিশে পাহাৰ-পৰ্বত, নৈ-নিজৰাৰ আবেষ্টনীৰ মাজত অসম অৱস্থিত৷ আমাৰ মাতৃভূমি অসমত নদ-নদীৰ সংখ্যা অধিক৷ সেয়ে অসমৰ প্ৰাকৃতিক শোভাই দেশ-বিদেশৰ পৰ্যটকক সহজে আকৰ্ষিত কৰে৷ এসময়ত ৰাজ্যৰ শোভাবৰ্ধন কৰা, পানীৰ অভাৱ পূৰ কৰা অসমৰ নদীবোৰে কালক্ৰমত ৰাইজৰ ‘চকুলো’ হিচাপে দেখা দিছে৷ বছৰ বাগৰাৰ লগে লগে নদীবোৰৰ বহন ক্ষমতা কমি অহাৰ ফলত নদীবোৰেৰে খৰস্ৰোতা সোঁতেৰে বাগৰি অহা পানীয়ে বান-খহনীয়াৰ সৃষ্টি কৰি ৰাইজক জোলোকা-জোলোকে পানী খুৱাইছে৷ ইয়াৰ বাবে একমাত্ৰ দায়ী আমিবোৰ নিজেই৷ প্ৰসংগক্ৰমে উল্লেখ্য যে বাৰিষা কালত নদীয়ে বানপানীৰ সৃষ্টি কৰি বান-প্ৰৱণ অঞ্চল অথবা পানীৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ সকলোৱে সাঁতুৰিব জনাটো অত্যন্ত জৰুৰী৷ নদীৰ বাঢ়নী পানীয়েই হওক, নাও-জাহাজ দুৰ্ঘটনা বা মাছ মাৰিবলৈ যোৱা, গা ধোৱা, ঘাঁহ কাটিবলৈ যোৱা আদিৰ ফলত অসমত প্ৰত্যেক বছৰতে একমাত্ৰ সাঁতুৰিব নজনাৰ ফলত বহুতো লোকে মৃত্যুক সাবটিবলগীয়া হয়৷ এনেদৰে মৃত্যু হোৱাৰ ফলত হাজাৰ হাজাৰ পৰিয়াললৈ ঘোৰ অমানিশা নামি আহে৷ এই গুৰুতৰ সমস্যাৰ পৰা হাত সৰাৰ একমাত্ৰ অস্ত্ৰপাটেই হৈছে সাঁতুৰিব জনা৷ সেয়েহে আপুনি আজিৰ পৰাই নিজৰ লগতে আপোনাৰ ল’ৰা-ছোৱালীকো সাঁতুৰিবলৈ শিকাওক৷ কিয়নো সাঁতোৰাটো এতিয়া অত্যন্ত প্ৰয়োজনীয় আহিলা৷

42,888 BEST Drowning IMAGES, STOCK PHOTOS & VECTORS | Adobe Stock


সাঁতোৰাটো স্বাস্থ্যৰ পক্ষে অতি উত্তম বুলি কোৱা হয়৷ নিজকে আত্মৰক্ষা কৰিবলৈ সাঁতোৰাৰ অভ্যাস কৰাটো অতিকে জৰুৰী৷ বিপদ কালত আপুনি নিজকে আত্মৰক্ষা নকৰিলে তাৰ গত্যন্তৰ নাই৷ সেয়েহে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কৈছিল– ‘আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে৷’ একেবাৰে সঁচা কথা, কিয়নো আপুনি যদি কেতিয়াবা হঠাতে পানীত পৰি গৈছে, এনে সংকটৰ সময়ত আপুনি নিজকে সাহস গোটাই নিজেই আত্মৰক্ষাৰ বাবে সাজু হ’ব লাগিব৷ আৰু তাৰ একমাত্ৰ উপায়টোৱে হৈছে সাঁতোৰাৰ অভ্যাস থকাটো৷ এছ বাটলাৰে কোৱাৰ দৰে– ‘আত্মসংৰক্ষণেই প্ৰকৃতিৰ প্ৰথম নিয়ম৷’ সাঁতোৰাৰ অভ্যাস কৰিবলৈ কোনো সময়ৰ কথা নাই৷ আজিকালি বিভিন্ন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰতো সাঁতোৰাৰ প্ৰশিক্ষণ দিয়া হয়৷ গতিকে অভিভাৱকে তেওঁলোকৰ ল’ৰা-ছোৱালীক সাঁতুৰিবলৈ উৎসাহিত কৰা উচিত৷ ইয়াৰ সমান্তৰালভাৱে সৰুকালতে নিজৰ ল’ৰা-ছোৱালীক অইন শিক্ষাৰ লগতে সাঁতোৰকো প্ৰধান বিষয় হিচাপে লৈ প্ৰশিক্ষণ দিয়াটো অতি আৱশ্যক৷ নহ’লে সময়ৰ আহবানত ক’ত-কেতিয়া, কিধৰণৰ দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হয় কোনে জানে? য’ত দেখিব যে– আপোনাৰ ওচৰত সাঁতোৰাৰ বিকল্প আন একো নাই৷

এইখিনিতে থোৰতে সাঁতুৰিলে আমাৰ শৰীৰৰ কি কি উপকাৰ হয় উল্লেখ কৰিছোঁ–

(১) সাঁতোৰে শৰীৰৰ নমনীয়তা বঢ়ায়৷
(২) সাঁতুৰিলে শৰীৰৰ ওজন হ্ৰাস হয়৷ ফলত মেদবহুলতা সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
(৩) সাঁতোৰা হাৰ্টৰ কাৰণে অতি উত্তম৷ সাঁতুৰিলে হাৰ্টৰ পেশী শক্তিশালী হোৱাৰ লগতে হাৰ্ট সুস্থ কৰি ৰাখে৷
(8) সাঁতুৰিলে মানসিক চাপ, মনৰ বিষণ্ণতা আদি নাইকিয়া হয়৷
(৫) নিয়মিত সাঁতোৰাৰ ফলত মন প্ৰফুল্লিত হয়৷ ফলত মস্তিষ্ক সবল হয় আৰু ই ভাল কাম কৰে৷
(৬) শৰীৰৰ কলেষ্টৰেল কমোৱাত সাঁতোৰে সহায় কৰে৷
(৭) তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ সাঁতুৰিব পাৰে৷
(৮) এজমা ৰোগীয়ে নিয়মিতৰূপে সাঁতোৰাৰ অভ্যাস কৰিলে ৰোগ নিৰ্মূল হোৱাত সহায়ক হয়৷
(৯) সাঁতোৰাৰ ফলত অত্যন্ত ফলদায়ক কাৰকটো হৈছে মানুহ দীৰ্ঘজীৱী হোৱা৷ নিয়মিত সাঁতোৰাৰ অভ্যাস কৰিলে মানুহ দীৰ্ঘজীৱী হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here