সহায়ৰ হাত ! ক’ভিড আক্ৰান্তৰ বাবে ‘ক’ভিড সাৰথি’

0
1157

ক’ভিড আক্ৰান্ত হৈ আপুনি হ’ম কোৱাৰেণ্টাইনত আছে নেকি? নে প’ষ্ট-ক’ভিডত কিবা জটিলতাৰ সন্মুখীন হৈছে? এনে অৱস্থাত এতিয়াৰে পৰা আৰু আপুনি শংকিত হ’ব নালাগে৷ কাৰণ আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দেশৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটা৷ বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এই দলটোৰ পৰা আপুনি অতি সহজে যিকোনো সময়ত সকলো প্ৰয়োজনীয় চিকিৎসা আৰু পৰামৰ্শ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব৷ উল্লেখ্য যে ক’ভিডে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমৰ ক’ভিড আক্ৰান্তক এই বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ অসম সন্তান তথা নতুন দিল্লীস্থিত মেক্স ছুপাৰ স্পেচিয়েলেটি হস্পিটেলৰ নিউৰ’ছাৰ্জন ডাঃ হৃষীকেশ চক্ৰৱৰ্তীৰ নেতৃত্বত এটা ২৫জনীয়া অভিজ্ঞ চিকিৎসকৰ দল আগবাঢ়ি আহিছে৷ ইয়াৰ অংশ হিচাপে ‘ক’ভিড সাৰথি’ নামৰ এক টেলিমেডিচিন প’ৰ্টেল আৰম্ভ হৈছে ডাঃ চক্ৰৱৰ্তীৰ একক প্ৰচেষ্টাত৷ অসমবাসীৰ কাৰণে ‘ক’ভিড সাৰথি’ মুকলি কৰি ডাঃ হৃষীকেশ চক্ৰৱৰ্তী আৰু নয়দাৰ জে পি হস্পিটেলৰ হেমাট’অংক’লজিষ্ট ডাঃ নিবেদিতা ধিংৰাই কয় যে ৰাজ্যৰ সকলো ঠাইৰ লোকে ‘কভিড সাৰথি’ৰ ১৮০০৮৩৩০০৬২ (ট’ল ফ্ৰী) নম্বৰত ফ’ন কৰি যিকোনো সময়তে নাইবা www.covidsarathi.com-ৰ জৰিয়তে চিকিৎসা সম্বন্ধীয় প্ৰয়োজনীয়¸চিকিৎসা আৰু পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব৷ ইয়াৰ উপৰিও হোৱাটছএপ, ভিডিঅ’ কলৰ সহায়তো ৰোগীজনে যিকোনো সময়তে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ সুবিধা পাব৷ আনহাতে কৰ’নাত আক্ৰান্তৰ বাহিৰে যিকোনো ৰোগত আক্ৰান্ত ব্যক্তিয়েও ক’ভিড সাৰথিৰ জৰিয়তে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব৷ ‘ক’ভিড সাৰথি’ৰ বিশেষজ্ঞ চিকিৎসকৰে অনলাইন সংযোগ হোৱাৰ পাছত চিকিৎসকজনে ক’ভিড আক্ৰান্ত বা আন ৰোগত ভোগা ব্যক্তিজনৰ পৰা ৰোগ সন্দৰ্ভত সবিশেষ অৱগত হৈ সঠিক ঔষধ আৰু গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়ে অৱগত কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here