সম্ভৱনে? প্ৰথম ড’জ কভেক্সিন, ২য় ড’জ কভিশ্বিল্ড

0
1177


কভিশ্বিল্ড আৰু কভেক্সিনৰ মাজত পাৰ্থক্য কি?

প্ৰথম ড’জটো কভেক্সিনৰ লোৱাৰ পাছত দ্বিতীয় ড’জটো কভিশ্বিল্ডৰ ল’ব পাৰি নেকি?

দ্বিতীয় ড’জ লোৱাৰ সময়সীমা পাৰ হৈ গ’লে কিবা অসুবিধাৰ সৃষ্টি হ’ব পাৰে নেকি? আজিকালি প্ৰায়ভাগ মানুহৰে মনত এনেধৰণৰ প্ৰশ্ন উদয় হোৱা দেখা যায়৷ এই সন্দৰ্ভত ডাঃ দিপম বৰ্মনে কয় যে প্ৰথম ড’জটো যদি আপুনি কভেক্সিন লৈছে, তেন্তে দ্বিতীয় ড’জটো আপুনি কভিশ্বিল্ড ল’ব নোৱাৰে; অথবা প্ৰথম ড’জটো যদি আপুনি কভিশ্বিল্ড লৈছে, তেন্তে দ্বিতীয় ড’জটো আপুনি কভেক্সিন ল’ব নোৱাৰে৷ অৰ্থাৎ দুয়োটা ভেক্‌চিন আপোনালোকে সংমিশ্ৰণ কৰাটো শৰীৰৰ কাৰণে উচিত নহয়৷ কভিশ্বিল্ড হৈছে বিদেশী ভেক্‌চিন, যাৰ মডেলিটি প্ৰস্তুত কৰি উলিয়াইছে অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাই আৰু ছিৰাম ইন্‌ষ্টিটিউটে এই ভেক্‌চিনটো প্ৰস্তুত কৰিছে৷ আনহাতে কভেক্সিন হৈছে দেশীয় ভেক্‌চিন আৰু ইয়াক ভাৰত বায়’টেকে আই চি এম আৰৰ সহযোগত প্ৰস্তুত কৰি উলিয়াইছে। গৱেষণাৰ ভিত্তিত এই দুয়োটা ভেকচিনৰ কাৰ্যকাৰিতা এনেধৰণৰ– কভেক্সিনৰ ৮০ শতাংশ আৰু কভিশ্বিল্ডৰ ৭০ শতাংশ৷ আনহাতে প্ৰথম ড’জ লৈ উঠি দ্বিতীয় ড’জ লোৱাৰ সময়সীমা যদি কিবা কাৰণত পাৰ হৈ যায়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো প্ৰথম ড’জটো হৈছে এটা প্ৰাইমাৰ ড’জ, যিয়ে ভাইৰাছবিধৰ বিৰুদ্ধে এণ্টিবডী উৎপন্ন কৰাৰ বাবে শৰীৰটোক সাজু কৰি তোলে৷ প্ৰথম ড’জ লোৱাৰ পাছত শৰীৰত এটা প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয়৷ ই এটা নিৰ্দিষ্ট সময়সীমালৈ আপোনাৰ শৰীৰটোক ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে ক্ষমতা প্ৰদান কৰে আৰু এই সময়সীমাৰ ওচৰে-পাঁজৰে দ্বিতীয় ড’জটো প্ৰদান কৰা হয়৷ যদি সময়সীমা পাৰ হৈ যায়, তেন্তে আপোনাৰ শৰীৰত অলপ প্ৰতিৰোধ ক্ষমতা কমে আহিব, কিন্তু তেতিয়াও আপোনাৰ শৰীৰত প্ৰথম ড’জৰ প্ৰভাৱ অটুট থাকিবই৷ ইয়াৰ কাৰ্যকাৰিতা শেষ হৈ নাযায়৷ দ্বিতীয় ড’জ লোৱাৰ পাছত ই পুনৰ প্ৰথম ড’জৰ সৈতে মিলি আপোনাৰ শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে৷ গতিকে যদি আপোনাৰ দ্বিতীয় ড’জ লোৱৰ সময়সীমা পাৰ হৈ যায়, তেন্তে কোনোধৰণৰ চিন্তা-ভয় নকৰি খালী সেই সময়ছোৱাত অধিক সাৱধান আৰু সতৰ্ক হৈ চলিবলৈ ডাঃ দিপম বৰ্মনে সকলোকে আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here